Daily Time Axom

‘আপৰ নেতাই কংগ্ৰেছত যোগদানৰ বাতৰি অস্বীকাৰ’

0 18

আপ, অসমৰ পুনৰগঠনৰ প্ৰক্ৰিয়া চলি আছে

“সম্প্ৰতি অসমত আম আদমী পাৰ্টিৰ সাংগঠনিক পুনৰগঠনৰ প্ৰক্ৰিয়া অব্যাহত আছে। ইতিমধ্যে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই দলীয় সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ৰাজ্যিক কমিটী, জিলা কমিটিৰ উপৰি দলৰ অন্যান্য ভাতৃ-ভগ্নী সংগঠন সমূহৰ সকলো কমিটি ভংগ কৰি দিছে। এই মুহূৰ্তত আমাৰ দলৰ কোনো নেতাই অইন দলত যোগদান কৰাৰ বাতৰি ভিত্তিহীন। বুধবাৰে ৰাজীৱ ভৱনত আপৰ ডিব্ৰুগড় জিলা কমিটিৰ সাংগঠনিক সম্পাদক অমৃত কুমাৰ বৰুৱাৰ নেতৃত্বত আপৰ কেইবাজনো নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদানৰ বাতৰি একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে। যি সময়ত অসমত আপৰ জিলা কমিটি বা অন্যান্য কমিটি সমূহ কাৰ্যতঃ নাই, সেই সময়ত জিলাৰ সাংগঠনিক সম্পাদকে আন দলত যোগদানৰ বাতৰিৰ কোনো ভিত্তি নাই। ” আপৰ নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদানৰ বাতৰি অস্বীকাৰ কৰি এই মত ব্যক্ত কৰে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই । তেওঁ কয়,” দলৰ একনিষ্ঠ নেতা – কৰ্মী সকলে যথেষ্ট তৎপৰতাৰে দলীয় সংগঠনৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শীঘ্ৰেই ৰাজ্যখনত নতুন কমিটি গঠন হ’ব। একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰাৰ দৰে আপত কোনো ধৰণৰ খহনীয়াৰ সৃষ্টি হোৱা নাই।” আপ, অসমৰ মিডিয়া সমন্বয়ক আব্দুল আলিম স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তি যোগে এই মত ব্যক্ত কৰে দলটোৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।

Leave A Reply

Your email address will not be published.