বৰক্ষেত্ৰীত শোকৰ ছাঁ!বৰক্ষেত্ৰীত চেখ মোবাৰক হুছেইনক অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষ বিদায়

বৰক্ষেত্ৰী সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী তথা বৰক্ষেত্ৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ “বৰক্ষেত্ৰী মহাবিদ্যালয়”ৰ প্ৰতিস্থাপক অধ্যক্ষ চেখ মোৱাৰক হুছেইন।
ৰাতিপুৱা চেখ মোবাৰক হুছেইনৰ নশ্বৰ দেহ বৰক্ষেত্ৰী মহাবিদ্যালয়, বৰক্ষেত্ৰী কণিষ্ঠ মহাবিদ্যালয় লৈ যোৱা হয়।
বৰক্ষেত্ৰী মহাবিদ্যালয় পৰিয়ালবৰ্গৰ লগতে মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী, প্ৰাক্তন কৰ্মচাৰীবৃন্দই শেষ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ পিছতে ব্ৰহ্মপুত্ৰ একাডেমী, ৰঘূনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দাৰুল উলুম মাদ্ৰাছা প্ৰঙ্গণলৈও লৈ যোৱা হয়।
দুপৰীয়া জোহৰ নামাজৰ পিছত মুকালমুৱা কবৰস্থানত তেখেতৰ জানাজা নামাজ সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।

AssamAssamese NewsDaily time axomDeathGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment