সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন অসম আৰু নতুন অসম ছাত্ৰ সন্মিলন (NASA) ভুৱা চাৰ্টিফিকেট আৰু মার্কশ্বিটৰ বিৰুদ্ধে এখন স্মাৰকপত্ৰ মৰিগাঁও জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
ভুৱা চাৰ্টিফিকেট আৰু মার্কশ্বিট প্রদান কৰা দুষ্টচক্ৰ ৰুধিবলৈ সাজু হৈছে সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন অসম আৰু নতুন অসম ছাত্ৰ সন্মিলন (NASA) মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এটা দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা চলাই আহিছে ৰমৰমীয়া বেহা।
অনুত্তীর্ণ ছাত্র ছাত্রীক তেওঁলোকে টকাৰ বিনিময়ত দুষ্ট চক্রটোৱে প্ৰদান কৰি আহিছে মার্কশ্বিট আৰু চার্টিফিকেট। মৰিগাঁও জিলাৰ মৈৰাবাৰী শগুন বাঁহী সোহেল আক্ৰাম আৰু ছাহানাজ বেগম নামৰ মহিলা দুগাৰকীৰয়ে ভুৱা মার্কশ্বিট আৰু চার্টিফিকেট প্রদান কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰে সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন অসমৰ সাধাৰণ সম্পাদক আশাদুল হক চৌধুৰীয়ে।