Daily Time Axom

চৰাইদেউৰ কুঁৱৰীবাৰী চাহ বাগিছাত চাহ শ্ৰমিকৰ একঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

0 25

১০ জুলাই তাৰিখে চৰাইদেউ জিলাৰ বিষ্ণুপুৰ চাহ বাগিছাৰ অধীনস্থ কুঁৱৰীবাৰী চাহ বাগিছাৰ কাৰ্য্যালয়ত অসম চাহ মজদুৰ সংঘ, কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত কুঁৱৰীবাৰী চাহ বাগিছাৰ শ্ৰমিকসকলে শ্ৰমিকৰ প্ৰাপ্যৰ দাবীত একঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। শ্ৰমিকৰ দাবী সমুহ হ’ল:-১) বাগিছাৰ শ্ৰমিকে বসবাস কৰা জৰাজীৰ্ণ ঘৰ দুৱাৰ, গা ধোৱা ঘৰ, শৌচাগাৰ আদি মেৰামতি কৰাৰ লগতে ঘৰ নথকা শ্ৰমিকক নতুনকৈ ঘৰ দুৱাৰ, গা ধোৱা ঘৰ, শৌচাগাৰ নিৰ্মাণ কৰি প্ৰতিটো শ্ৰমিক পৰিয়ালৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে। ২) বাগিছাত থকা চিকিৎসালয় সমুহৰ উন্নতকৰণ কৰি ডাক্তৰ, নাৰ্ছ, স্বাস্থ্য কৰ্মী আৰু উপযুক্ত ঔষধ পাতি মজুত ৰখাৰ লগতে চিকিৎসাৰ মানদণ্ড উন্নত কৰক। ৩) অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গ্ৰেচুইটি, ভৱিষ্যত নিধি আদি আইনগত প্ৰাপ্য সমুহ সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰক। ৪) বাগিছা সমুহত বিভিন্ন দায়িত্বশীল পদত নিয়োজিত শ্ৰমিকসকলক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰক। ৫) ১ জানুৱাৰী ১৯৬৯ চনত চুক্তি অনুযায়ী বাগিছা সমুহত স্থায়ী শ্ৰমিকৰ পূৰ্বৰ সংখ্যা বাহাল ৰখাৰ ব্যৱস্থা কৰক। ৬) শ্ৰমিকৰ ঠিকা পাত তোলা চুক্তিৰ ম্যাদ যিহেতু ইতিমধ্যে উকলি গৈছে। গতিকে ঠিকা পাত তোলা বিষয়টোৰ ওপৰত পুনৰ চুক্তি কৰাৰ ব্যৱস্থা কৰক। ৭) বাগিছাৰ শ্ৰমিকসকলৰ বসবাস কৰা কোম্পানীৰ ঘৰসমুহ আৰু মাটিটুকুৰা শ্ৰমিকজনৰ নামত আৱন্তন দিয়াৰ ব্যৱস্থা কৰক। ৮) মেকলয়ড ৰাছেল এণ্ড্ৰয়েল আৰু অসম চাহ নিগমৰ বাগিছাৰ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি থকা অভাৱ অভিযোগ তথা সমস্যাসমূহ তৎকালে সমাধানৰ ব্যৱস্থা কৰক। ৯) সংঘৰ পূৰ্বৰ ১১ দফীয়া দাবী সমূহৰ ভিতৰত সমাধান নোহোৱা দাবী সমূহ ৰূপায়ন কৰক। কুঁৱৰীবাৰী চাহ বাগিছাৰ মজদুৰ সংঘৰ সভাপতি মনোজ কৰ্মকাৰ আৰু সম্পাদক ত্ৰিনাথ বাউৰীয়ে নটা দাবী সন্নিৱিষ্ট স্মাৰক পত্ৰ বাগিছাৰ পৰিচালক প্ৰেৰণ কৰাৰ লগতে‌ মূখ্যমন্ত্ৰী, শ্ৰমমন্ত্ৰী, অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতি আৰু চাহ মজদুৰ সংঘ সোণাৰি শাখালৈ প্ৰতিলিপি প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.