বাৰিষাৰ সময়ত জ্বৰ, চৰ্দি, পেটৰ বিষ, বদহজম আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ এই কেইটামান কথা পাহৰি নাযাব।
১. জাংক ফুড: ৰেষ্টুৰেণ্ট আৰু পথৰ কাষৰ ষ্টলত খোৱা এৰক। কাৰণ বাৰিষাৰ সময়ত বীজাণু আৰু ভেঁকুৰৰ আক্ৰমণ বাঢ়ি যায়। যাৰ ফলত খাদ্যত বিষক্ৰিয়া আৰু খাদ্যজনিত ৰোগ হ’ব পাৰে। ঘৰতে ৰন্ধা গৰম আহাৰ খাব।
২. সাগৰীয় মাছঃ বাৰিষাৰ সময়ত মাছ আৰু সাগৰীয় খাদ্য পৰিহাৰ কৰিব লাগে। বাৰিষাত সাগৰীয় খাদ্যই প্ৰদূষণৰ বাবে বদহজমৰ সৃষ্টি কৰিব পাৰে।
৩. বাৰ্বিকিউ: বৰষুণৰ সন্ধিয়া বাৰ্বিকিউ খাবলৈ কোনে ভাল নাপায়? পাপড়ৰৰ পৰা আৰম্ভ কৰি পকোৰা, চিংগাৰালৈকে। কিন্তু বেছিকৈ ভজা খাদ্য খালে বদহজম, পেট ফুলা, ডায়েৰিয়া আদি ৰোগ হ’ব পাৰে।
৪ শাক-পাচলিঃ বাৰিষাৰ উষ্ণতা আৰু আৰ্দ্ৰতাত বেক্টেৰিয়া আৰু ভেঁকুৰৰ প্ৰজনন অস্বাভাৱিকভাৱে হয়। বৰষুণৰ সময়ত কৃমি, পোক-পৰুৱা, ভেঁকুৰ বা বেক্টেৰিয়াৰ আক্ৰমণ বৃদ্ধি পায়। সেয়ে শাক-পাচলি আৰু ফল-মূল খোৱাৰ আগতে ভালদৰে ধুব লাগে।
৫. ঠাণ্ডা খাদ্য : বাৰিষাৰ সময়ত ঠাণ্ডা খাদ্য যেনে আইচক্ৰীম, ঠাণ্ডা পানীয়, বৰফ আদি পৰিহাৰ কৰিব লাগে। ইয়াৰ ফলত চৰ্দি, কাহ আৰু জ্বৰ বা ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে।
খাদ্যত আদাৰ চাহ ৰাখিব লাগে। আদা আৰু গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থাকে, যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে। কচুত ভিটামিন এ, চি আৰু ই থাকে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু বিটা কেৰটিন থাকে। পেঁপাত ভিটামিন চি থাকে। হালধিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ অতি প্ৰয়োজনীয় শ্বেত ৰক্তকণিকা উৎপাদন বৃদ্ধি কৰে। কেঁচা নহৰু শৰীৰৰ বাবে উপকাৰী।
ৰাতিপুৱা গৰম পাচলিৰ জোল খাব। ই আপোনাক দিনটোৰ ভিতৰত সতেজ আৰু সক্ৰিয় হৈ থাকিবলৈ সহায় কৰিব।