Daily Time Axom

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বানাক্ৰান্তৰ কাষত

0 28

আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ধিং সমষ্টিৰ কেইবাখনো বন্যাৰ্ত অঞ্চল পৰিদৰ্শন কৰে।

বানাক্ৰান্ত সকলৰ সমস্যাৰ বুজ ল’বলৈ প্ৰথমে ডুমডুমীয়া,শূইচগেট,যাৰমাৰি, জেঙণি আৰু ধিঙৰ বিভিন্ন প্লাৱিত অঞ্চলত উপস্থিত হৈ ৰাইজক সম্বোধন কৰাৰ লগতে ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয়।
নেতা গৰাকীৰ লগত সংগ দিয়ে ৰাইজৰ দলৰ মুখপাত্ৰ তথা যুৱ নেতা মেহেবুব মুক্তাৰে।

বানাক্ৰান্ত অঞ্চলবোৰত উপস্থিত হৈ নেতা দুগৰাকীয়ে বানত ক্ষতি হোৱা মৰাপাট খেতি, মাকৈ খেতিৰ উপৰিও বিভিন্ন ফচল আদিৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনোৱাৰ উপৰিও এ আই ইউ ডি এফ আৰু বিজেপি দলৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয়।

নেতা গৰাকীয়ে কয় যে- কেইটামান পূৰ্বে বন বিভাগে দুজনকৈ লোকক মাছ ধৰিবলৈ যোৱাত এনকাউণ্টাৰ কৰিছে কিন্তু হাবিৰ পৰা ওলাই অহা এটা সাধাৰণ বাঘক আজি পৰ্যন্ত কৰায়ত্ত কৰি পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই এই অকৰ্মণ্য বিভাগটোৱে।

ইয়াৰ উপৰিও নেতা জনে বাঘে আক্ৰমন কৰা তিনিজনকৈ লোকক উপযুক্ত চিকিৎসা আৰু ক্ষতিপূৰণ দিবলৈও দাবী জনায়।
মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.