নেপালত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। পথৰ পৰা দুখন বাছ ত্ৰিশুলি নদীত বাগৰি পৰে। শুকুৰবাৰে পুৱা এই ঘটনাত দুখন বাছত নিৰুদ্দেশ হৈছিল ৬৩ জন যাত্ৰী। নিৰুদ্দেশ হোৱাসকলৰ ভিতৰত ৭ জন ভাৰতীয়। নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালে প্ৰশাসনিক বিষয়াসকলক তৎকালীনভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।
স্থানীয় সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত নেপালৰ চিটৱান জিলাৰ মদন-অশ্ৰিত পথৰ কাষেৰে দুখন গৈ আছিল আৰু হঠাৎ খহি পৰে । দুয়োখন বাছেই বাগৰি গৈ ত্ৰিশুলি নদীত পৰাত সকলো যাত্ৰীকে উটুৱাই লৈ যায়। বিগত কিছুদিন ধৰি নেপালৰ বৃহৎ অঞ্চলত মুষলধাৰ বৰষুণত পথ ভাঙি সংঘটিত হৈছে এনে ঘটনা।
চিটৱান জিলাৰ মুখ্য প্ৰশাসনিক বিষয়া ইন্দ্ৰদেৱ যাদৱে সংবাদ সংস্থা এএনআইক জনাইছে যে, ‘ৰাস্তাৰ কাষেৰে গতি কৰি থকা সময়তে বাছ দুখন খহি পৰিছিল নদীত।’
জিলা প্ৰশাসনৰ তথ্য অনুসৰি বাছ দুখনত চালক সহ মুঠ ৬৩ জন যাত্ৰী আছিল। দুয়োখন বাছ নেপালৰ ৰাজধানী কাঠমাণ্ডু অভিমুখে গৈ আছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে জিলা প্ৰশাসনৰ বিষয়াসকল সেই স্থানলৈ যায়। লগে লগে উদ্ধাৰৰ কামো আৰম্ভ হয়।