Daily Time Axom

২৪ ঘন্টাত বিহাৰত বজ্ৰপাতৰ ফলত ২১ জন লোকৰ মৃত্যু

0 24

বিহাৰত ২৪ ঘন্টাৰ ভিতৰত বজ্ৰপাতৰ ফলত ২১ জন লোকৰ মৃত্যু। ইয়াৰে অধিকাংশ মৃত্যু হৈছে বিহাৰৰ মধুবনী জিলাত।

শুকুৰবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক বিবৃতি জাৰি কৰি এই কথা জানিবলৈ দিয়ে।

এদিনতে ইমানবোৰ মানুহৰ মৃত্যুত মুখ্যমন্ত্রী নীতিশ কুমাৰে শোক প্রকাশ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে৷

প্ৰশাসনিক সূত্ৰ অনুসৰি মধুবনী জিলাত বজ্ৰপাতৰ ফলত ৬ জন লোকৰ মৃত্যু হয়। ইয়াৰ পিছত ঔৰংগাবাদ জিলাত বজ্ৰপাতৰ ফলত সৰ্বাধিক লোকৰ মৃত্যু হয়। এই জিলাত চাৰিজন লোকৰ মৃত্যু হয়। তদুপৰি পাটনাত দুজন আৰু ৰোহতাছ, ভোজপুৰ, কাইমুৰ, সাৰণ, জেহানাবাদ, গোপালগঞ্জ, সুপাল, লক্ষ্মীশ্ৰাই আৰু মধেপুৰা জিলাত এজনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি এখন গাঁৱত খেতি কৰি থকা অৱস্থাত বজ্ৰপাতৰ ফলত থিতাতে মৃত্যু হয় দুজন কৃষকৰ। এজনৰ অৱস্থা সংকটজনক। ডোমৰীয়া নামৰ আন এখন গাঁৱত দুগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে এগৰাকী বজ্ৰপাত গুৰুতৰভাৱে আহত হয়। আনহাতে, ভোজপুৰ জিলাৰ এখন বিদ্যালয়ত বজ্ৰপাতৰ ফলত আহত হয় ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকে প্ৰাণ হেৰুওৱা নাছিল। আহত ছাত্ৰ-ছাত্ৰীক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে আই চি ইউত ভৰ্তি কৰোৱা হৈছে দুজন লোকক। আন কিছুমানৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইমান সংখ্যক লোকৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। একে সময়তে তেওঁ মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। তেওঁ চৰকাৰী খৰচত আহতসকলৰ চিকিৎসাৰ আশ্বাস দিয়ে।

ইফালে নীতিশ কুমাৰে সাধাৰণ ৰাইজক বেয়া বতৰৰ প্ৰতি সতৰ্ক হ’বলৈ পৰামৰ্শ দিছে। বিজুলী আৰু বেয়া বতৰৰ প্ৰভাৱৰ পৰা নিজকে বচাবলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে দিয়া সকলো পৰামৰ্শ মানি চলিবলৈ মুখ্যমন্ত্ৰীয়ে সাধাৰণ ৰাইজক আহ্বান জনায়। তেওঁ কয় যে অশুভ বতৰত ঘৰৰ ভিতৰত থাকিব লাগে যাতে বজ্ৰপাতৰ পৰা হাত সাৰিব পাৰে।

Leave A Reply

Your email address will not be published.