বয়সৰ লগে লগে শৰীৰৰ বহু কাৰক সলনি হয়। পেশী, শক্তি, গতিশীলতা এই সকলোবোৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। মধ্যবয়সৰ আশে-পাশে সেইবোৰ হ্ৰাস পাবলৈ আৰম্ভ কৰে। পেশীবোৰ ক্ষয় হ’বলৈ আৰম্ভ কৰে। এই সময়ত খাদ্যৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিব লাগে। কি কৰিব লাগে
খাদ্যত পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন ৰাখক। পেশীৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰটিনৰ গুৰুত্বপূৰ্ণ ভূমিকা। ই অত্যাৱশ্যকীয় এমিনো এচিড যোগান ধৰে। এই প্ৰক্ৰিয়াৰ জৰিয়তে পেশীবোৰ মেৰামতি কৰা হয়। বিশেষকৈ ব্যায়ামৰ পিছত প্ৰটিন সমৃদ্ধ খাদ্য খালে ই অতি উপকাৰী। পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন গ্ৰহণে পেশীৰ ভাঙন ৰোধ কৰাত সহায় কৰে, পেশীৰ ৰক্ষণাবেক্ষণ আৰু বৃদ্ধিত সহায় কৰে।
ব্যক্তিৰ কাৰ্যকলাপৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি প্ৰটিনৰ প্ৰয়োজনীয়তা ভিন্ন হয়। সাধাৰণতে মধ্যবয়সীয়া আৰু বয়সস্থ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত পেশীৰ অপচয় বেছি হয়। গতিকে যুৱক-যুৱতীসকলৰ তুলনাত তেওঁলোকৰ শৰীৰত অধিক প্ৰ’টিনৰ প্ৰয়োজন হয়।
আৰ ডি এয়ে এজন প্ৰাপ্তবয়স্কৰ বাবে প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনত ০.৮ গ্ৰাম প্ৰটিন খাবলৈ পৰামৰ্শ দিয়ে। বিশেষজ্ঞসকলে মধ্যবয়সীয়া আৰু বয়সস্থ প্ৰাপ্তবয়স্কৰ বাবে অলপ বেছি প্ৰটিনৰ পৰামৰ্শ দিয়ে।
যিসকলে নিয়মিতভাৱে ব্যায়াম কৰে, বিশেষকৈ যি শক্তি প্ৰশিক্ষণ লয়, তেওঁলোকৰ বাবে প্ৰটিনৰ প্ৰয়োজন প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনত ১.২-২.০ গ্ৰাম হ’ব পাৰে।
চাৰকোপেনিয়াৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰৰ ওজনৰ প্ৰতি কিলোগ্ৰামত ১.০-১.২ গ্ৰাম প্ৰটিন গ্ৰহণ কৰাটো বাঞ্ছনীয়।
মধ্যবয়সৰ পিছত প্ৰটিন কিয় গুৰুত্বপূৰ্ণ?
প্ৰটিনে পেশীৰ ভৰ সংৰক্ষণত সহায় কৰে। শক্তি, ভাৰসাম্য আৰু শাৰীৰিক কাৰ্যকলাপ বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ।
পেশীবোৰ শৰীৰৰ বিপাকীয় ক্ৰিয়াৰ বাবে সক্ৰিয়। ই ওজন নিয়ন্ত্ৰণ আৰু সামগ্ৰিক বিপাকীয় স্বাস্থ্যত সহায় কৰে।
কলা মেৰামতি আৰু পেশী পুনৰ নিৰ্মাণৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয়।
প্ৰটিনে হাড়ৰ স্বাস্থ্যত অৰিহণা যোগায়, আৰু অষ্টিঅ’পৰ’ছিছ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।
বয়স বৃদ্ধিৰ লগে লগে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। সুস্থ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে প্ৰটিন অতি গুৰুত্বপূৰ্ণ।