গাজাত ইজৰাইলৰ আক্ৰমণ, ধ্বংসাৱশেষৰ তলত উলাইছে মৃতদেহৰ দ’ম

গাজা চহৰৰ কিছু অংশৰ পৰা ইজৰাইলৰ বাহিনীয়ে আঁতৰি অহাৰ পিছত টাল আল হাৱা অঞ্চলৰ পৰা অৰ্ধশতাধিক পেলেষ্টাইনী মৃতদেহ উদ্ধাৰ কৰা হৈছে। পেলেষ্টাইনী উদ্ধাৰ কৰ্মীয়ে এই তথ্য নিশ্চিত কৰিছে।

গাজাৰ অসামৰিক প্ৰতিৰক্ষাৰ মুখপাত্ৰ মাহমুদ বাছালে শুকুৰবাৰে কয় যে গাজাৰ অসামৰিক প্ৰতিৰক্ষা দলসমূহে জীৱিত লোকক উদ্ধাৰৰ বাবে আগবাঢ়িছে। পেলেষ্টাইনী উদ্ধাৰ কৰ্মীয়ে কেইবা ডজন মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰে অধিকাংশই মহিলা আৰু শিশু। কিছুমান মৃতদেহ কুকুৰে খাই আছিল।

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment