Daily Time Axom

পশ্চিমবংগৰ ষষ্ঠ আন্তৰ্জাতিক সাহিত্য মহোৎসৱলৈ মৰিগাঁও জিলাৰ বহুভাষী কবি ৰাজুমনি শইকীয়া আমন্ত্ৰিত

0 27

প্ৰদান কৰিব মহোৎসৱৰ বিশিষ্ট কবি সন্মান ।

ভাৰতৰ পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ ইছলামপুৰত অহা ২৭ জুলাই আৰু ২৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া “ষষ্ঠ আন্তৰ্জাতিক সাহিত্য মহোৎসৱ”লৈ অসমৰ বহুভাষী কবি ৰাজুমনি শইকীয়া আমন্ত্ৰিত হৈছে ৷ তেওঁ অসমীয়া , ইংৰাজী, হিন্দী আৰু বাংলা ভাষাত কাব্য চৰ্চা কৰে ৷ বিশিষ্ট সাহিত্যিক সৰ্বাশীষ কুমাৰ পালৰ তত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱ দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ৷
পশ্চিমবংগৰ ইছলামপুৰৰ সূৰ্য্য সেন মঞ্চত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত ভূটান,নেপাল, বাংলাদেশকে ধৰি দেশ-বিদেশৰ বাচকবণীয়া কেইবাগৰাকীও বিশিষ্ট কবি সাহিত্যিকে অংশগ্ৰহন কৰিব ৷
ৰাজুমনি শইকীয়া অসমৰ (ভাৰত) বহুভাষিক কবি। তেওঁ অসমীয়া, ইংৰাজী, বাংলা আৰু হিন্দী ভাষাত লিখে। ৰাজুমনিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত কেইবাখনো সাহিত্য মহোৎসৱ আৰু কবিতা সভাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে। বিভিন্ন সাহিত্য অনুষ্ঠানে ইতিমধ্যে তেখেতক বিভিন্ন বঁটাৰে সন্মানিত কৰিছে ৷ কবি হিচাবে তেওঁ লাভ কৰিছে নোবেল ষ্টাৰ ফৰ লিটাৰেচাৰ ২০১৮ বঁটা, ৱৰ্ল্ড পিছ আইকন ২০১৯, কলিকতাৰ পৰা ইণ্ডলজী ২০১৯বঁটা, ৱৰ্ল্ড আইকন অৱ লিটাৰেচাৰ ২০১৯, পশ্চিম বংগৰ ইছলামপুৰৰ পৰা আত্মবিশ্বাস সাহিত্য বঁটা, হিন্দী সাহিত্যৰ বাবে কৰ্ণাটকৰ পৰা সাহিত্য পিয়ুছ বঁটা, বিশ্ব মহান ব্যক্তিত্ব বঁটা ২০২০, ৱৰ্ল্ড ইংৰাজী ৰাইটাৰ্ছ ইউনিয়ন ইণ্টাৰনেশ্যনেল (ভাৰতীয় শ্ৰেণী ) সাহিত্য বঁটা ২০১৯, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰেৰণ বঁটা, NEBCUS মিডিয়া বঁটা, সাহিত্যৰ বিশ্ব ডাইৰেক্টৰীত তেওঁৰ নাম তালিকাভুক্ত, কিৰ্গিস্তানৰ পৰা ৰহিম কৰিম কৰিমোভ বঁটা, কিৰ্গিস্থানৰ পৰা গ’লডেন ব্ৰীজ বঁটা, পশ্চিম বংগৰ শিলিগুৰিৰ পৰা ৰাধাবল্লৱ ৰায় স্মৃতি বঁটা, শিলিগুৰিৰ ৰেড্ডী ফাউণ্ডেচনৰ পৰা শিৱশংকৰ দে মেম’ৰিয়েল লিটাৰেৰী এৱাৰ্ড২০২৩, দাৰ্জিলিং লিটাৰেৰী ফেষ্টিভেলত ২০২৩ত কেয়াৰ অৱ দাৰ্জিলিং নামৰ আলোচনী পৰা দিগবিজয় সাহিত্য বঁটা আদি ৷ দুখন উপন্যাসকে ধৰি ১৮ খন কাব্যগ্ৰন্থ সহ তেওঁ ৩৫ খন গ্ৰন্থৰ লেখক ৷।

Leave A Reply

Your email address will not be published.