Daily Time Axom

মাজনিশা অচিনাকী গাড়ীত উঠোতে সাৱধান হওক

0 24

নগাঁৱত চাঞ্চল্যকৰ ঘটনা,শীতল পানীয়ৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই এজন যুৱকক চলালে লুট পাট,কাঢ়ি লৈ গ’ল নগদ ধন আৰু ম’বাইল ,মুমূৰ্ষু অৱস্থাত যুৱকজনক পেলাই থৈ গ’ল পথৰ দাঁতিত।

ঘটনা অনুসৰি চাৰিদিন পূৰ্বে ছহিদুল ইছলাম নামৰ জুৰীয়াৰ দগাঁৱৰ এজন যুৱক লক্ষীমপুৰৰ পৰা নগাঁও লৈ নৈশ বাছত আহিছিল । মাজনিশা হোৱাত জুৰীয়া অভিমুখে আহিবলৈ কোনোধৰণৰ বাহন নোপোৱাত জুৰীয়া অভিমুখে অহা এখন টাটা ম’বাইল বাহনত উঠিছিল যুৱকজন। জুৰীয়াৰ অভিমুখে আহি থকা অৱস্থাতে বাহনখনৰ এজনে শীতল পানীয় দিছিল খাবলৈ।খোৱাৰ পাছতেই অচেতন হৈ পৰে ছহিদুল ইছলাম নামৰ যুৱকজন। পাছদিনা পুৱা নগাঁওৰ কাৱৈমাৰি মছজিদৰ সন্মুখৰ পথৰ দাঁতিত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হয় যুৱকজন । স্থানীয় লোকে খবৰ দিয়ে আৰক্ষী আৰু পৰিয়ালক । ততাতৈয়াকৈ হয়বৰগাঁও আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকুননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । যদিও অৱস্থা গুৰুতৰ হোৱাত পৰিয়ালৰ লোকে নগাঁও এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে । ২দিন কৈ যুৱকজন ICU ত চিকিৎসাধীন হোৱাৰ পাছত সুস্থ হয় যুৱকজন আৰু সমগ্ৰ ঘটনা আহে পোহৰলৈ। সম্প্ৰতি ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে হয়বৰগাঁও আৰক্ষী চকীত ৰুজো কৰিছে গোচৰ। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত , তদন্তত চিনাক্ত হৈছে ঘটনা সংঘটিত কৰা বাহন খনৰ লোক দুজন।

Leave A Reply

Your email address will not be published.