Daily Time Axom

মাণিকপুৰত নাৰ্বাডৰ ৪৩ তম প্ৰতিষ্ঠা দিৱস,ভিত্তীয় স্বাক্ষৰতা প্ৰদান

0 32

বঙাইগাঁও জিলাৰ মাণিকপুৰত আজি ক্ৰিছিল ফাউণ্ডেশ্যনৰ উদ্যোগত নাৰ্বাডৰ ৪৩তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। জানিব পৰা মতে – ক্ৰিছিল ফাউণ্ডেশ্যনৰ সহকাৰী ক্ষেত্ৰ বিষয়া প্ৰনৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় নাৰ্বাডৰ ৪৩তম প্ৰতিষ্ঠা দিৱস ।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেক কাটে নাৰ্বাডৰ ডিডিএম আলাৰাম ডেউৰীয়ে ।তাৰ পিছতে ক্ৰিছিল ফাউণ্ডেশ্যনৰ কেন্দ্ৰ পৰিচালক নৱ কুমাৰ নাথে আত ধৰা অনুষ্ঠানত পাতিলাদহা ছেন্টেল বেংকৰ শাখা পৰিচালক কৃষ্ণ নাথ মিশ্ৰ, মাণিকপুৰ গাৱলীয়া বেংকৰ শাখা পৰিচালক সমেৰ সেনে বেংকৰ সা-সুবিধা আৰু ঋণদান সম্পৰ্কে ব্যখ্যা কৰে। আনহাতে নাৰ্বাডৰ ডিডিএম আলাৰাম ডেউৰীয়ে নাৰ্বাডৰ বিভিন্ন আঁচনি সম্পৰ্কে ব্যাখ্যা কৰে। নাৰ্বাডৰ ৪৩তম প্ৰতিষ্ঠা দিৱসত ভালে সংখ্যক আত্মসহায়ক গোটৰ মহিলা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.