বান আঁতৰিলেও দুৰ্দশাই যেন লগ এৰা নাই একাংশ বানাক্ৰান্তক। এফালে পানীয়ে ধাহি মুহি সকলো কাঢ়ি নিলে,আনফালে মথাউৰিত আশ্ৰয় লৈ ভোকত চিঞৰিছে শিশুৱে । বিগত দহদিনে উত্তৰ গুৱাহাটী ৰংমহল মথাউৰিত আশ্ৰয় লৈ থকা ১৬টা কৃষক পৰিয়ালৰ আৰ্তনাদ । খেতিৰেই পেট প্ৰবৰ্তোৱা পৰিয়াল কেইটাই হুমুনিয়াহ কঢ়াৰ বাহিৰে যেন গত্যন্তৰ নাই । নদীৰ ঘোলা পানী আৰু এখাজ খাই এখাজ অনাহাৰে কটাইছে দুৰ্ভগীয়া পৰিয়াল কেইটাই। পুষ্টিকৰ আহাৰৰ অভাবত শিশুবোৰৰ মাজত দেখা দিছে ৰোগ । বিনা চিকিৎসাই পশুধনৰ লগত কটাইছে দিনৰাতি । এদিনৰ বাবে কামৰূপ প্ৰশাসনে যোগান ধৰা চাউল দালিৰো চান কঢ়াৰ অভিযোগ লেঙাৰ গাঁওপ্ৰধানৰ বিৰুদ্ধে । গাঁও প্ৰধানে পবিত্ৰ দাসে বানআক্ৰান্ত লোকক য’ত সামান্য চাউল দালি যোগান ধৰি অধিকাংশ নিজ ঘৰলৈ নিয়াৰো উঠিছে গুৰুতৰ অভিযোগ ।