উত্তৰ গুৱাহাটীৰ মথাউৰিৰ খহনীয়াই নমাইছে আতংক

ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ বিভাগ হৈছে বান নিয়ন্ত্ৰণ তথা জলসম্পদ বিভাগ । বিভাগটোৰ কামৰ নমুনা দেখিলে তবধ মানিব আপুনি । ব্ৰহ্মপুত্ৰৰ বুকুত বালিৰ মথাউৰি সাজি বান প্ৰতিৰোধৰ চেষ্টা জল সম্পদ বিভাগৰ । ২১ কোটি টকা ব্যয়ৰে উত্তৰ গুৱাহাটী ৰংমহলত সাজি উলিওৱা মথাউৰিটোৰ কেইবা ঠাইতো খহনীয়াৰ কবলত পৰি আতঙ্ক নমাইছে । পিছে নিৰ্মাণ প্ৰতিস্থান মৰমী এণ্টাৰ প্ৰাইজে মথাউৰিটো নিৰ্মাণৰ পিছত লোৱা নাই খবৰ । পুণৰ ব্ৰহ্মপুত্ৰৰ ঢল আহিলে একে কোবেই মথাউৰি ছিগি নিছিহ্ন হব বহু গাঁও । জলসম্পদ বিভাগ আৰু ঠিকাদাৰী প্ৰতিস্থান মৰমী এণ্টাৰ প্ৰাইজৰ বুজাবুজিৰ কুফল ভুগিব লাগিব ৰাইছে । ৰংমহল নতুন মথাউৰিৰ ভগা অংশ মেৰামতি নকৰিলে পুনৰ মথাউৰি সজাৰ নামত অপচয় হব কৌটি কৌটি টকা । যাৰবাবে কেবল মেৰামতিয়ে নহয় মথাউৰিটোৰ ওপৰত ব্লকপাৰি পকীকৰণেৰে মথাউৰি সুৰক্ষিত কৰাৰ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment