Daily Time Axom

ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ মাৰ বান্ধিছে এখন বিদ্যালয়ে

0 36

আপুনি ড্ৰাগছ সেৱন কৰে বা বিক্ৰী কৰে নেকি ?
আপোনাৰ সন্তানেও ড্ৰাগছ সেৱন কৰে নেকি!
তেন্তে আজিয়েই সাৱধান হওক।কিয়নো মৈৰাবাৰীৰ লগতে কাষৰীয়া অঞ্চলত এতিয়াৰে পৰা পূৰ্বতকৈ অধিক কঠোৰ হৈছে প্ৰশাসন।

মৈৰাবাৰী আৰক্ষীৰ উদ্যোগত আৰু মৈৰাবাৰী নিউ চেকেণ্ডাৰী স্কুলৰ সহযোগত দক্ষিণ মৈৰাবাৰীত এখনি ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হৈ যায়।

বিদ্যালয়খনৰ লগতে অঞ্চলজুৰি দীৰ্ঘ দিনৰ পৰা এটা দুষ্টচক্ৰৰ নেতৃত্বত একাংশ ড্ৰাগছ আসক্তই বিভিন্ন চুৰিকাণ্ড সংগঠিত কৰি আহিছে।

সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি মৈৰাবাৰীৰ মৰা’খলা খ্যাত তিনিআলিত এখনি ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰা হয়।

সজাগতা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে Dysp মণিকংকণা দাস, মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পঙ্কজ দাস আৰু ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰ। সভাখনত সভাপতিত্ব কৰে মৈৰাবাৰী চেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক হাৰুণ ৰছিদে।
আনহাতে সভাখনত মৈৰাবাৰী অঞ্চলৰ কেইবাজনো গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.