চৰাইদেউ NEZ QAT 2 CRPF বাহিনী আৰু বিহুবৰ আৰক্ষীৰ যৌথ অভিযান
উজনি অসমত আলফা স্বাধীনৰ নামত ব্যাপক ধনদাবীৰ ঘটনা | নাজিৰাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিনা আগৰৱালা নামৰ মহিলা গৰাকীক আলফা স্বাধীনৰ নামত ১৫ লাখ টকা ধনদাবী কৰিছিল | একে সময়তে চণ্টকৰ জিতু আগৰৱালা নামৰ ব্যক্তি জনকো আলফা স্বাধীনৰ নামত ১০ লাখ টকা ধনদাবী কৰিছিল | ঘটনা সন্দৰ্ভত ভুক্তভুগি কেইগৰাকীয়ে বিহুবৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে | বিহুবৰ আৰক্ষীৰ তৎপৰতাত চৰাইদেউ NEZ QAT 2 CRPF বাহিনীৰ সহযোগত এই ধনদাবী চক্ৰৰ সৈতে জড়িত চাৰি জনীয়া আলফাৰ লিংক মেন দল টোক আটক কৰে অসম আৰক্ষীয়ে | উল্লেখ্য যে সোণাৰিস্থ পংকজ বৰগোহাঁই বাসগৃহৰ পৰা আটক হোৱা আলফাৰ লিংকমেন কেইজন ৰাহুল ৰাজখোৱা, পংকজ বৰগোহাঁই, কাঞ্চন বৰুৱা আৰু প্ৰশান্ত চুতীয়া বুলি জানিব পৰা গৈছে | ধৃত লিংক মেন কেইটাক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে |