লৰ্ড জগন্নাথে ড’নাল্ড ট্ৰাম্পৰ প্ৰাণ ৰক্ষা কৰিলে! ইস্কনৰ দাবী

ৰক্ষা পৰিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জীৱন। আঘাতপ্ৰাপ্ত হ’লেও ভগৱান জগন্নাথৰ কৃপাত ট্ৰাম্প বাচিল! এই দাবী ইস্কনৰ । ৪৮ বছৰ আগৰ এটা ঘটনাও তেওঁৰ মনত পৰিল।

ইস্কনৰ মুখপাত্ৰ ৰাধাৰমণ দাসে কয়, ‘অৱশ্যেই ই ঐশ্বৰিক যোগ। ঠিক ৪৮ বছৰ পূৰ্বে নিউয়ৰ্কত ৰথ যাত্ৰা মহোৎসৱ আৰম্ভ কৰাত ট্ৰাম্পে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যদিও ৰথ যাত্ৰাৰ সময়ত তেওঁক আক্ৰমণ কৰা হৈছিল, তথাপিও জগন্নাথৰ কৃপাত তেওঁ বাচিছিল।’

৪৮ বছৰ আগৰ কথা স্মৰণ কৰি ইস্কনৰ মুখপাত্ৰই লগতে কয় যে নিউয়ৰ্কত ৰথ যাত্ৰা আৰম্ভ কৰিবলৈ ভক্তসকলে বহু কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু কৃষ্ণভক্তসকলক আশাৰ পোহৰ দেখুৱালে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ পঞ্চম এভিনিউত ৰথ টানিবলৈও অনুমতি দিছিল।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ চাৰি মাহ পূৰ্বে ৰাজহুৱা সভাত ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ বাবে আমেৰিকাৰ পৰিস্থিতি উত্তপ্ত। উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে এফ বি আইয়ে। এই পৰিস্থিতিত ড’নাল্ড ট্ৰাম্প আৰু জো বাইডেনে সাধাৰণ নাগৰিকসকলক একত্ৰিত আৰু শান্ত হৈ থাকিবলৈ আহ্বান জনায়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment