গুলীটো সোঁ কাণত লগাত তেজ ওলাইছিল যদিও সোঁহাতৰ দৃঢ় মুঠিৰে মঞ্চত থিয় হৈ তেওঁ অনুৰাগীসকলক ক’লে, ‘ফাইট, ফাইট’। ৭৮ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে অলপো জিৰণি লোৱা নাছিল। গুলী লগাৰ ২৪ ঘন্টাৰ অন্তত দলীয় অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ উইচকনচিনত উপস্থিত হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেওবাৰে উইচকনচিনত উপস্থিত হয় ট্ৰাম্প। সোমবাৰৰ পৰা উইচকনচিনৰ মিলৱাকিত অনুষ্ঠিত হ’ব ৰিপাব্লিকান দলৰ অধিৱেশন। বৃহস্পতিবাৰলৈকে চলিব। এই সন্মিলনত ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ট্ৰাম্পৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। বৃহস্পতিবাৰে সন্মিলনত ভাষণ দিব ট্ৰাম্পে।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ চাৰি মাহ পূৰ্বে আমেৰিকাৰ ৰাজনৈতিক পৰিস্থিতি গৰম। জ’ বাইডেন আৰু ড’নাল্ড ট্ৰাম্পে নাগৰিকসকলক এক বাৰ্তা প্ৰদান কৰিছে যে তেওঁলোকে একত্ৰিত আৰু শান্ত হ’ব লাগে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত সংঘটিত হোৱা মাৰাত্মক আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছে এফ বি আইয়ে। এই আক্ৰমণৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। জনা যায় যে অভিযুক্ত থমাছ মেথিউ আচলতে ট্ৰাম্পৰ দলৰ পঞ্জীয়নভুক্ত সদস্য অৰ্থাৎ ৰিপাব্লিকান। এই বছৰ প্ৰথমবাৰৰ বাবে ভোটদান। আক্ৰমণৰ সময়ত তেওঁ অকলশৰীয়া আছিল। আক্ৰমণকাৰীৰ ব্যক্তিগত ক্ষোভ আছিল নে মানসিকভাৱে অসুস্থ আছিল সেই বিষয়ে তদন্ত চলি আছে।