জাহ্নবীক উৰ্ফিৰ লগত তুলনা

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ প্ৰায় প্ৰতিটো অনুষ্ঠানতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল অভিনেত্ৰী জাহ্নবী কাপুৰ। প্ৰেমিক শিখৰ পাহাৰিয়াৰ সৈতে সংগীতৰ ছন্দত নৃত্য কৰাও দেখা গৈছিল। জাহ্নবী তাৰপৰা পুনৰ নিজৰ কামলৈ ঘূৰি আহিছে। কিন্তু এতিয়া তেওঁক ট্ৰ’ল কৰা আৰম্ভ হৈছে। তেওঁক নেট ইনফ্লুৱেন্সাৰ উৰ্ফি জাভেদৰ সৈতে তুলনা কৰা হৈছে।

সোমবাৰে আগন্তুক ছবি ‘উলঝ’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত আছিল জাহ্নবী। তেওঁ পিন্ধিছিল এটা বিখ্যাত ব্ৰেণ্ডৰ কাপোৰ। এই কৰ্চেটৰ দৰে ড্ৰেছৰ ওপৰৰ অংশটো ব্লেজাৰৰ দৰে বেছি দেখা যায়। ড্ৰেছৰ তলত দীঘলীয়া ফাট। ব্যতিক্ৰমী সাজ-পোছাক পিন্ধা বাবেই জাহ্নবীক উৰ্ফিৰ লগত তুলনা কৰা হৈছে।

একাংশ নেটিজেনে দাবী কৰিছে যে জাহ্নবীয়ে আজিকালি উৰ্ফিৰ ফেশ্বন নকল কৰে। কিন্তু ট্ৰলিং কৰিলেও জাহ্নবীৰ আপত্তি নাই।

AssamAssamese NewsDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment