নিলম্বিত আপৰ কৰ্মীয়ে ৰাজ্যিক পৰিষদ গঠন কৰিব নোৱাৰে

অকৰ্তৃত্বশীল লোকে আপৰ প্ৰতীক ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আপে

আপৰ পৰা নিলম্বন ব্ৰজেন সন্দিকৈ, অনুৰূপা বড়ো, নাৰায়ণ দত্ত ভূঞাক

“অসমত আম আদমী পাৰ্টিৰ দলীয় ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ইতিমধ্যে ৰাজ্যখনত দলৰ সকলো কমিটি ভংগ কৰি দিয়া হৈছে। কেন্দ্ৰীয় নেতৃত্বৰ পৰামৰ্শ অনুসৰি জুলাই মাহৰ ভিতৰতে দলৰ ৰাজ্যিক কমিটিৰ লগতে বিভিন্ন পৰ্য্যায়ৰ কমিটি সমূহ পুনৰ গঠন কৰা হ’ব। এই সন্দৰ্ভত দলে যাৱতীয় প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। কিন্তু অতি উদ্বেগৰ বিষয় যে যোৱা ১৪ জুলাই, দেওবাৰে শিৱসাগৰৰ ডিমৌত আপৰ পৰা নিলম্বিত দুগৰাকী প্ৰাক্তন কৰ্মকৰ্তা ক্ৰমে চন্দনজ্যোতি ফুকন আৰু মুনীন গগৈৰ তৎপৰতাত এখন ৰাজ্যিক পৰিষদ গঠন কৰাৰ বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি তেওঁলোকে আপৰ ৰাজ্যিক পৰিষদ গঠন কৰাৰ লগতে অহা দেওবাৰে পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰো সিদ্ধান্ত ব্যক্ত কৰিছে। এই সন্দৰ্ভত দলৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ পক্ষৰ পৰা আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে ডিমৌত অনুষ্ঠিত অবৈধ সভাত যি কমিটি গঠনৰ কথা কোৱা হৈছে সেই কমিটি আপৰ ৰাজ্যিক পৰিষদ হিচাপে বিবেচিত নহয়। এই সভাৰ উদ্যোক্তা সকলেই যিহেতু আপৰ পৰা ইতিপূৰ্বে নিলম্বিত হৈছে গতিকে আপৰ নামত তেওঁলোকৰ সভা, সমিতি অনুষ্ঠিত কৰাৰ নৈতিক আৰু সাংবিধানিক অধিকাৰ নাই। তদুপৰি, ঔদ্ধতালিৰ সীমা চেৰাই গৈ তেওঁলোকে যদি আপৰ দলীয় প্ৰতীক বা পতাকা আদি ব্যৱহাৰ কৰে তেন্তে আমি আইনগত পদক্ষেপ গ্ৰহন কৰিবলৈ বাধ্য হ’ম।
আপৰ দলীয় সতীৰ্থ, শুভাকাংক্ষী তথা সৰ্বসাধাৰণৰ মাজত যাতে এই বিষয় লৈ কোনো ধৰণৰ ভুল বাৰ্তা নিবিয়পে সেই উদ্দেশ্যে এই প্ৰেছ বিজ্ঞপ্তি যোগে সংশ্লিষ্ট সকলো পক্ষৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। ” ডিমৌত একাংশ নিলম্বিত সদস্য উদ্যোগত অনুষ্ঠিত সভা আৰু অবৈধ ভাৱে গঠন কৰা ৰাজ্যিক পৰিষদ সন্দৰ্ভত আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে এইদৰে মত ব্যক্ত কৰে। প্ৰেছ বিজ্ঞপ্তি যোগে আজি আপৰ নেতাগৰাকীয়ে কয়,” দলৰ স্বাৰ্থ বিঘ্নিত কৰি অহৰহ দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত চন্দনজ্যোতি ফুকন, মুনীন গগৈৰ উপৰি ব্ৰজেন সন্দিকৈ, অনুৰূপা বড়ো আৰু নাৰায়ণ দত্ত ভূঞাকো আম আদমী পাৰ্টিৰ পৰা নিলম্বন কৰা হৈছে। এই সন্দৰ্ভত দলৰ সকলো কাৰ্যকৰ্তা তথা স্বেচ্ছাসেৱক সকলক অৱগত কৰা হয় যে নিলম্বিত এই সকল ব্যক্তি কোনোপধ্যেই আপৰ সৈতে জড়িত নহয় অথবা তেওঁলোকে আপক প্ৰতিনিধিত্ব নকৰে। “

AssamAssamese NewsDaily time axomGuwahati
Comments (0)
Add Comment