‘সাপ আমাৰ বন্ধু, শত্ৰু নহয়’ শীৰ্ষক বিষয়বস্তু লৈ অসমৰ অগ্ৰণী অনুষ্ঠান প্ৰকৃতিপ্ৰেমী মঞ্চই দিনযোৰা কাৰ্যসূচীৰে বিশ্ব সৰ্প দিৱস উদযাপন কৰে ৷ সৰ্প সংৰক্ষণ আৰু সৰ্প দংশনৰ সজাগতা হেতু মঞ্চই পুৱা ভাগত বঘৰা এজাৰবাৰী দমাল আদি বিস্তৃত অঞ্চলত এক ৰেলী কাৰ্যসূচী হাতত লয় । পৰবৰ্তী সময়ত মৰিগাঁও পশ্চিম সিধাবাৰী প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত এখনি সজাগতা সভা অনুষ্ঠিত কৰে ৷ জীৱন পৰিচয় আৰু সিধাবাৰী তিৱা কৃষ্টি দলৰ ব্যৱস্থাপনাত অনুষ্ঠিত কাৰ্যসূচীত মুখ্য আলোচক হিচাপে উপস্থিত থাকে প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ সভাপতি হিতেশ শৰ্মাৰ লগতে চিন্টু বৰদলৈ আৰু হীৰক জ্যোতি কোঁৱৰ আৰু কৃষ্ণ কুমাৰ নাথৰ লগতে শতাধিক শিক্ষাৰ্থী আৰু অভিভাৱক উপস্থিত থকা উক্ত অনুষ্ঠানত সৰ্প বিষয়ক এক সজাগতামূলক সভা অনুষ্ঠিত কৰি সৰ্পৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।