কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰৰ ডোডাত নিহত ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে।
তেওঁ নিজৰ এক্স হেণ্ডেলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ভাৰতীয় জোৱান সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ইয়াৰ পিছত তেওঁ বিজেপি চৰকাৰক আক্ৰমণ কৰে। তেওঁ লিখা মতে বিজেপিৰ ভুল ৰাজনীতিৰ বলি হৈছে ভাৰতীয় জোৱান। ভুল নীতি ব্যৱহাৰ কৰাত ভাৰতীয় সেনাৰ ক্ষতি হৈছে। প্ৰতিজন স্বাধীন ভাৰতীয়ই এই ঘটনাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰক ল’বলৈ দাবী জনাইছে। নিৰাপত্তা ব্যৱস্থাৰ পতনৰ দায়িত্ব চৰকাৰে ল’ব লাগিব৷ উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও কয়।
প্ৰসংগক্ৰমে ডোডা জিলাত ৫ জন ভাৰতীয় জোৱানৰ মৃত্যু হয়। সোমবাৰে নিশা কাশ্মীৰৰ ডোডো টাউনৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ এখন অৰণ্যত সংঘটিত হয় এই ঘটনা। উগ্ৰপন্থীৰ আত্মগোপনৰ তথ্য লাভ কৰি সেনা জোৱান তালৈ গৈছিল। তাতেই যুঁজখন সংঘটিত হয়। চি আৰ পি এফ, সেনা আৰু আৰক্ষীৰ যৌথ তালাচীৰ মাজতে হঠাৎ নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে উগ্ৰপন্থীয়ে। জোৱানসকলেও উত্তৰত গুলীচালনা কৰে।
ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে কথা পাতিছে। তেওঁ সমগ্ৰ ড’ডাত কঠোৰ অভিযানৰ বিষয়ে অৱগত কৰে। যোৱাবাৰ কথুৱাত ৫ জন জোৱানৰ মৃত্যু হৈছিল। যোৱা ৩২ মাহত ৪৮ জন জোৱানৰ মৃত্যু হৈছে।