দেওবাৰে চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিয়ে শপত গ্ৰহণ কৰে।এই শপত গ্ৰহণ অনুষ্ঠান সৰুপথাৰস্থিত সতী সাধিনী ভৱনত অনুষ্ঠিত হয়।কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰে আজিৰ অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়।ইয়াৰ পিছতে বৃক্ষৰোপণ,সতী সাধিনী প্ৰতিছব্বিত বন্তি প্ৰজ্বলন,দেওকুবেৰ শলিতা লগোৱা পূজা আৰু মুকলি সভা অনুষ্ঠিত হয়।আজিৰ কাৰ্যসূচীত চুতীয়া যুৱ সন্মিলন,অসমৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা বিতুপন শইকীয়া,সহকাৰী সম্পাদক পলাশ হাজৰিকা,প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি শইকীয়া, চুতীয়া জাতি সন্মিলনৰ সহকাৰী সম্পাদক ৰঞ্জন বিকাশ শইকীয়াকে প্ৰমুখ্যে কৰি অন্য বহু গণ্যমান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে ।