Daily Time Axom

গগনা মুম্বাই’ৰ ভাদ মহীয়া নাম-প্ৰসঙ্গ অনুষ্ঠান

0 71

পৱিত্ৰ ভাদমাহ উপলক্ষ্যে খোল -তাল, নেগেৰা, বাঁহীৰ সুমধুৰ সুৰেৰে মুখৰিত হৈ পৰিছে এতিয়া ৰাজ্যৰ বিভিন্ন সত্ৰ তথা নামঘৰসমূহ। ৰাজ্যৰ সমান্তৰালভাৱে বহিৰ্ৰাজ্যত বসবাস কৰা অসমীয়া লোকসকলেও গুৰু দুজনাৰ আদৰ্শ সাৰোগত কৰি পৱিত্ৰ ভাদ মহীয়া নাম-প্ৰসংগ আয়োজন কৰিছে। যোৱা ২৫ আগষ্টৰ দিনা মুম্বাইৰ মীৰাৰোড স্থিত লোধা একুৱা ক্লাব হাউছত গগনা আছামিজ পিপলছ এছচিয়েছনে তৃতীয়বাৰৰ বাবে এভাগি নাম প্ৰসংগ নামাচাৰ্য অনিল কুমাৰ দাসৰ তত্বাৱধানত আয়োজন কৰে আৰু ইয়াত ভকতবৃন্দ জয়ন্ত দাস, ৰূপজ্যোতি ঠেঙাল, ৰবীন্দ্ৰ নাথ গোস্বামীয়ে অংশগ্ৰহণ কৰে।

ৰূপলেখা বৰদলৈয়ে এটি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰাৰ লগতে স্নেহা বৰা আৰু গগনাৰ কলাকুশলী সকলে দিহানাম পৰিৱেশন কৰি নামভাগি মুখৰিত কৰি তোলে। অনুষ্ঠানটোত অসম গৌৰৱ দেৱজিত চাংমাই, বহুসংখ্যক জেষ্ঠ্য নাগৰিককে ধৰি সৰ্বমুঠ প্ৰায় এশমান অসমীয়া আৰু অনা-অসমীয়া ভকতবৃন্দই অংশগ্ৰহণ কৰে। অতি নিয়াৰিকৈ আৰু সুন্দৰকৈ অনুষ্ঠিত হোৱা নামভাগিৰ শেষত মাহ প্ৰসাদৰ লগতে বিশেষ ভোজনৰো আয়োজন কৰা হয় বুলি গগনাৰ সম্পাদক গুণীন গগৈ আৰু সভাপতি অমৃত প্ৰীতম দত্তই জানিবলৈ দিয়াৰ লগতে গগনা মুম্বাইৰ কাৰ্য্যবাহী সমিটিৰ সমূহ সদস্য আৰু ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.