পাকিস্তানত এজন এজনকৈ বাছৰ পৰা নমাই ২৩জন যাত্ৰীক গুলীয়াই হত্যা

পথ অৱৰোধ কৰি বাছখন ৰখাই যাত্ৰীসকলক নামিবলৈ বাধ্য কৰাই পৰিচয় পত্ৰ পৰীক্ষা কৰি পিছত গুলীচালনা কৰি হত্যা কৰিলে!

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বেলুচিস্তানত এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। খবৰ অনুসৰি এই ঘটনাত কমেও ২৩ জন লোকৰ মৃত্যু হৈছে।

সোমবাৰে পুৱা বেলুচিস্তানৰ মুছাখেলত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, ইতিমধ্যে ৰাৰশমৰ সমীপত ঘাইপথ অৱৰোধ কৰি ৰাখে অস্ত্ৰধাৰী যুৱকৰ এটা দলে। সেইফালে যোৱা সকলো বাছ-ট্ৰাকৰ পৰা নামিবলৈ বাধ্য কৰাই যাত্ৰীসকলক। পিছত ২৩ জন যাত্ৰীক পৰিচয় পত্ৰ পৰীক্ষা কৰি এজন এজনকৈ গুলীয়াই হত্যা কৰে। নিহত আটাইকেইজন পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাসিন্দা। ইয়াৰ পিছত বাছ আৰু ট্ৰাকত জুই লগাই দিয়া হয়। কমেও ১০খন গাড়ী জ্বলায়।

সহকাৰী আৰক্ষী আয়ুক্ত নজিব কাকৰে কয়, “মৃত আটাইকেইজন পঞ্জাৱৰ বাসিন্দা।” ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। মৃতদেহক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।” বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগটিয়ে এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। লগতে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ছাৰফৰাজে দাবী কৰে যে এই হত্যাকাণ্ডৰ আঁৰত সন্ত্ৰাসবাদী। লগতে পঞ্জাৱ প্ৰদেশত উগ্ৰপন্থী আক্ৰমণ ৰোধৰ বাবে ক্ষিপ্ৰ পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে।

AssamAssamese NewsDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment