Daily Time Axom

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই

0 55

যোৱাৰাতি তেওঁ নিজ গৃহলৈ যোৱা পথত বাইক দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লৈ। ‘
জিলা মিডিয়া ক্লাৱ’ৰ সভাপতি,জ্যেষ্ঠ সাংবাদিক, প্ৰাক্তন ছাত্ৰ নেতা ৰাতুল ডেকাৰ নথৰ দেহ মৰিগাঁও সদৰ বিহুতলি প্ৰাংগনত আজি অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

তেওঁ মৃত্যত মৰিগাঁও জিলা সাহিত্য সভা, মৰিগাঁও জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মৰিগাঁও জিলা সাংবাদিক সন্থা, মৰিগাঁও জিলা সাংবাদিক পৰিষদ, সাংবাদিক সমাজ সংবাদ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সদৌ অসম ছাত্ৰ সন্থা সভাপতি উৎপল নাথ আৰু তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু মৈৰাবাৰী প্ৰেছ ক্লাৱ,লাহৰিঘাট প্ৰেছ ক্লাব গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৰাতুল ডেকাৰ নশ্বৰ দেহ লৈ মৰিগাঁও চহৰত এক শোভাযাত্ৰা উলিয়াই।

Leave A Reply

Your email address will not be published.