Daily Time Axom

ৰীমা দাসৰ ‘Village Rockstars 2 ‘ সন্মানীয় ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ Jiseok Competition শাখাত বাছনি হোৱা একমাত্ৰ ভাৰতীয় চিনেমা

0 65



এই চিনেমাখন টৰ’ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০১৭ত প্ৰিমিয়াৰ হোৱা আৰু ২০১৯ৰ একাডেমি‌ এৱাৰ্ডৰ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা Village Rockstars ৰ ছিকুৱেল।


ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ৰচনা পৰিচালনা আৰু প্ৰযোজনা কৰা ছিকুৱেল ‘ভিলেইজ ৰকষ্টাৰ্ছ ২’ সমাগত ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ‘ৱৰ্ল্ড প্ৰিমিয়াৰ’ৰ বাবে সাজু হৈছে। Jiseok Competition শাখাত আঠখন চিনেমাৰ মাজত নিৰ্বাচিত হোৱা এইখন হৈছে একমাত্ৰ ভাৰতীয় চিনেমা।
Jiseok এছিয়াৰ চলচিত্ৰ নিৰ্মাতাৰ তিনি বা ততোধিক চিনেমাৰ প্ৰতিযোগিতা শাখা। দুখন শ্ৰেষ্ঠ চিনেমাক Kim Jiseok বঁটা প্ৰদান কৰা হয়। এছিয়াৰ চিনেমাৰ উৎকৰ্ষ আৰু সমৰ্থনৰ বাবে জীৱন উচৰ্গা কৰা প্ৰগ্ৰাম ডাইৰেক্টৰ প্ৰয়াত Kim Jiseok ৰ স্মৃতিত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল।

উল্লেখ্য যে, ২০১৭ৰ টৰ’ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰৰ পাছত ৰীমা দাসৰ বঁটা প্ৰাপ্ত চিনেমা Village Rockstars য়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছিল আৰু ২০১৮ চনত শ্ৰেষ্ঠ চিনেমা হিচাপে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰা এই চিনেমাখনত আছিল ২০১৯ চনৰ একাডেমি এৱাৰ্ডছলৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি।

Village Rockstars 2 ৰ এই বাছনিত আনন্দিত হৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা নিৰ্মাতা ৰীমা দাসে কয়, ” ভিলেইজ ৰকষ্টাৰ্ছ -এ মোৰ অন্তৰত সদায় এক বিশেষ ঠাই অধিকাৰ কৰি আহিছে আৰু ই লাভ কৰা স্বীকৃতি আৰু মৰম মোৰ বাবে প্ৰেৰণাদায়ক। বুছানত Village Rockstars 2 ৰ প্ৰিমিয়াৰ হ’বলৈ যোৱাটোৱে মোক শিহৰিত কৰিছে। ই এখন ছিকুৱেল যদিও এই চিনেমাখন নিজস্বতা আছে, ধুনুৰ সম্পৰ্ক তেওঁৰ মাতৃ, প্ৰকৃতি মাতৃ আছে সংগীতৰ সৈতে ইয়াত অন্বেষণ কৰা হৈছে। মই এই চিনেমাখন সেই সকল সপোন দেখা যুৱ প্ৰতিভাৰ হাতত অৰ্পণ কৰিছোঁ, যিসকলে সীমিত সম্পদৰ মাজতো তাক আহৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ভিলেইজ ৰকষ্টাৰ্ছক আদৰি লোৱাৰ দৰে এই চিনেমাখনো দৰ্শকে আদৰি ল’ব বুলি মই আশাবাদী।

Leave A Reply

Your email address will not be published.