মহেন্দ্ৰ হাজৰিকাৰ ‘শ্ৰীমন্ত শংকৰদেৱ’ উন্মোচন
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডুবিয়া আঞ্চলিকৰ অন্তৰ্গত ককিলা নাহৰণি প্ৰাথমিক শাখাৰ উদ্যোগত আজি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি দুই নং নাহৰণিস্থিত নাহৰণি প্ৰাথমিক নামঘৰত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন মূলৰ সদস্য তথা গহপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়। পুৱা ৯.৩০ বজাত অনুষ্ঠিত সভাখনি আঁত ধৰে নাহৰণি প্ৰাথমিক শাখাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ণ হাজৰিকাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক মহেন্দ্ৰ হাজৰিকাৰ ‘শ্ৰীমন্ত শংকৰদেৱ’ নামৰ জীৱনীমূলক গ্ৰন্থখনি উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডুবিয়া আঞ্চলিকৰ সাহিত্য শাখাৰ সভাপতি যুগল গগৈয়ে। সভাত লেখক-সাংবাদিক তথা প্ৰকাশক বিপুল কুমাৰ দিহিঙীয়াই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। গ্ৰন্থ উন্মোচন কৰি যুগল গগৈয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱন আৰু সৃষ্টিৰাজি সম্পৰ্কে নাতিদীৰ্ঘ বক্তব্য ৰাখে। সভাত বিপুল কুমাৰ দিহিঙীয়াই বক্তব্য ৰাখি লেখক মহেন্দ্ৰ হাজৰিকাৰ সাহিত্যকৃতিক শলাগ জনাই কয় যে জীৱনীকাৰ হাজৰিকাৰ এইখনি গ্রন্থ পঢ়ুৱৈ সমাজে আঁকোৱালি ল’লে লেখকগৰাকীৰ লগতে প্রকাশকৰো শ্রম সার্থক হোৱা বুলি ভাবিম। উল্লেখ্য যে এগৰাকী ধর্মপ্রাণ ব্যক্তি হিচাপে অঞ্চলটোত পৰিচিত গহপুৰ মহকুমাৰ ককিলা দুই নং নাহৰণিৰ নিবাসী মহেন্দ্ৰ হাজৰিকাৰ ‘শ্রীমন্ত শঙ্কৰদেৱ’ নামৰ এইখনি প্রথম প্রকাশিত গ্রন্থ। মহাপুৰুষজনাৰ জীৱন পৰিক্ৰমা আৰু সৃষ্টিৰাজি সম্পর্কে আলোচনা আগবঢ়োৱা এই ক্ষুদ্র গ্রন্থখনিত হাজৰিকাদেৱৰ সাহিত্যকৃতিৰ উমান পোৱা যায়। চি পি আইৰ এগৰাকী সক্রিয় কর্মী মহেন্দ্ৰ হাজৰিকা ১৯৯০ চনৰ পৰা ২০০৩ চনলৈকে সুদীর্ঘ কাল চি পি আইৰ গহপুৰ মহকুমাৰ সহকাৰী সম্পাদক হিচাপে কার্যনির্বাহ কৰে। গহপুৰ মহকুমা সমিতিৰ সম্পাদক হিচাপে ২০০৩ চনৰ পৰা ২০১৫ চনলৈকে কার্যসম্পাদন কৰা হাজৰিকা শোণিতপুৰ জিলা সমিতিৰো সহকাৰী সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৭৮ চনৰ পৰাই চি পি আইৰ সৈতে জড়িত হৈ অহা এইগৰাকী বামপন্থী শিবিৰ বিশ্বাসী এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপেও অঞ্চলটোত পৰিচিত। পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ডুবিয়া গাঁও পঞ্চায়তত ১৯৯২ চনত এগৰাকী পঞ্চায়ত সদস্য হিচাপে নির্বাচিত হৈ সেৱা আগবঢ়ায়। ককিলা দুই নং নাহৰণি নিবাসী মানিক চন্দ্ৰ হাজৰিকা আৰু মাকন হাজৰিকাৰ সন্তান মহেন্দ্ৰ হাজৰিকা ১৯৫৮ চনৰ আগষ্টত জন্মগ্রহণ কৰে। আজি এই গ্ৰন্থ উন্মোচনী সভাত গজেন হাজৰিকা, ধৰ্মেশ্বৰ বৰা, ভূপেন কুমাৰ বৰা, মাধৱ সূত, খগেন বৰা, গোপাল দাস প্ৰফুল্ল দাস, অজিত দাস, প্ৰশান্ত দাস, ৰেণু বৰা, মাইধান বৰা, বুলু বৰা, নিৰু হাজৰিকাকে ধৰি নাহৰণি প্ৰাথমিকৰ শতাধিক ভকত-আইমাতৃয়ে অংশগ্ৰহণ কৰে।