Daily Time Axom

নাজিৰাত সাপ উদ্ধাৰ কৰিবলৈ গৈ বিপদত যুৱ বনকৰ্মী

0 66

⭕⭕অজগৰ সাপে দংশন কৰিলে ত্ৰিদীপ লাচিতক

নাজিৰাৰ বিহুৱৰত অঘটন | সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা | বিহুৱৰ মাজ গাওঁ অঞ্চলৰ এখন খেল পথাৰত ৰাইজে এটা অজগৰ সাপ প্ৰত্যক্ষ কৰি খবৰ দিয়ে বিহুবৰ খণ্ড বন বিভাগক | প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ অজগৰ ডাল উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়ত সাপটোৱে দংশন কৰে বনকৰ্মী ত্ৰিদীপ লাচিতক | ত্ৰিদীপ লাচিতে দীৰ্ঘ সময় ধৰি বন সংৰক্ষণ কৰি অহাৰ লগতে মানৱ সেৱা কৰি আহিছে | বিগত প্ৰায় ১২ বছৰে অস্থায়ী বনকৰ্মী হিচাপে নিয়োজিত হৈ আছে ত্ৰিদীপ লাচিত | অৱশেষত বনকৰ্মী ত্ৰিদীপ লাচিতক উন্নত চিকিৎসা সেৱা লাভৰ বাবে যোৱা নিশা নাজিৰাৰ লিগিৰীপুখুৰীস্থ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় | বৰ্তমান যুৱ বনকৰ্মী গৰকী সুস্থ |

Leave A Reply

Your email address will not be published.