Daily Time Axom

নাজিৰাত ডাক বিভাগ শিমলুগুৰি উপ-সংমণ্ডলৰ উদ্যোগত সজাগতা সভা

0 9

নাজিৰাত ডাক বিভাগৰ শিমলুগুৰি উপ- সংমণ্ডলৰ উদ্যোগত আজি নাজিৰা চাহ মজদুৰ সংঘৰ সভাগৃহত ‘ডাক চৌপাল কাৰ্যসূচী’ ৰ এখনি সজাগতা মূলক সভা অনুষ্ঠিত কৰা হয়। ভাৰতীয় ডাক সেৱাৰ যোগেদি উপলব্ধ বিভিন্ন সেৱাৰ বিষয়ে জনসাধাৰণক সজাগ তথা কেনেদৰে এই সেৱা সমূহৰ যোগেদি জনসাধাৰণ উপকৃত হ’ব এই বিষয়ত এই সভাত বিষদভাৱে আলোচনা কৰা হয়। এই সভাত ভাৰতীয় ডাক বিভাগৰ শিমলুগুৰি উপ- সংমণ্ডলৰ পৰিদৰ্শক চন্দন‌ দে, নাজিৰা ডাক কাৰ্যালয়ৰ ডাকপাল পাপৰি বৰা সহ নাজিৰা ডাক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
উক্ত সভাতেই গ্ৰামীণ ডাক সেৱক সকলৰ মাজৰ বিশেষ ভাৱে পাৰদৰ্শিতা প্ৰদৰ্শন কৰা সেৱকসকলক বিভাগৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.