বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱৰ পূজা উপলক্ষে ধূপ, দ্বীপ, নৈবেদ্য , ভক্তি বন্দনাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱতাক স্মৰণ বিশ্ববাসীৰ। আমিনগাঁও উদ্যোগিক পামৰ লগতে উত্তৰ গুৱাহাটীৰ চৰকাৰী – বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপন কৰিলে বিশ্বকৰ্মা পূজা । উত্তৰ গুৱাহাটী টেম্পু – ইৰিক্সা সন্থাই মধ্যমখণ্ড পাৰঘাটত বিশ্বকৰ্মা পূজা আয়োজন কৰি আশীৰ্বাদ বিছাৰিলে বিশ্ব খনিকৰ দেৱতাৰ পৰা। নাম – প্ৰসঙ্গ , সমুহীয়া ভোজন আৰু বিবিধ কাৰ্যসূচীৰে বিশ্বকৰ্মাৰ আৰধনাৰে বছৰটো কুশলে ৰখাৰ আশীৰ্বাদ ললে বিশ্বখনিকৰৰ পৰা । ইফালে শক্তি বিভাগ আমিনগাঁও উপসংমণ্ডলটো জাকজমকতাৰে বিশ্ব কৰ্মা পূজা উদযাপিত হয় । কামৰূপ আয়ুক্ত কাৰ্যালয় চৌহদত কৰ্মচাৰীৰ উদ্যোগত সৃষ্টিৰ উপাস্য দেৱতাৰ পূজা অৰ্চণা চলিল । সুন্দৰৰ প্ৰাণ প্ৰতিস্থাপক গৰাকীক নাম প্ৰসঙ্গ হোম যজ্ঞৰে আৰধনা কৰি আশীষ বিছাৰিলে ভক্তগণে । – পঙ্কজ নাথৰ ৰিপৰ্ট ।