তিৰুপতি মন্দিৰৰ লাড়ু জন্তুৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছিলঃমুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

তিৰুপতি মন্দিৰৰ প্ৰসাদ জন্তুৰ চৰ্বি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছিল! মন্দিৰৰ লাডু ঘীৰ সলনি জন্তুৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছিল বুলি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্রীৰ এনে অভিযোগ শুনা পাছত তীৰ্থযাত্ৰীসকলে কপালত হাত দিছে।

মুখ্যমন্ত্ৰী নাইডুৱে দাবী কৰে যে ৱাই এছ আৰ কংগ্ৰেছৰ শাসনকালত তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল। কিন্তু মুখ্যমন্ত্ৰী পদলৈ তেওঁ অহাৰ পিছত মন্দিৰৰ লাডুবোৰ বিশুদ্ধ ঘিউৰে তৈয়াৰ কৰা হৈছিল।

মুখ্যমন্ত্রী নাইডুৱে মুখ্যমন্ত্রী হোৱাৰ পাছত মন্দিৰটোক বিশেষ যত্ন লোৱা বুলিও দাবী কৰে৷ বিশেষকৈ প্ৰসাদত এতিয়া পশুৰ চৰ্বি ব্যৱহাৰ কৰা নহয়। বিশুদ্ধ ঘীৰে লাড়ু তৈয়াৰ কৰা হয়। মন্দিৰ আৰু মন্দিৰ চৌহদ নিয়মিতভাৱে চেনিটাইজ কৰা হয়। ফলত সামগ্ৰিকভাৱে ইয়াৰ উন্নতি হৈছে।

মুখ্যমন্ত্ৰীৰ এই অভিযোগে ভক্তসকলৰ মাজত যথেষ্ট উত্তেজনা বিয়পাইছে। তেওঁৰ অভিযোগ সম্পূৰ্ণ মিছা আৰু ৱাই এছ আৰ কংগ্ৰেছ শিবিৰে তেওঁৰ এই মন্তব্যক ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’ বুলি অভিহিত কৰিছে। ভক্তৰ আৱেগক আঘাত দিয়াৰ উদ্দেশ্যে এই কাম কৰা বুলিও দাবী কৰা হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment