চান্দমাৰীত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ পবিত্ৰ স্মৃতিত স্মৃতিচাৰণ সভা‌ সম্পন্ন


নবীন লিখাৰুক উৎসাহিত কৰি আগুৱাই নিয়াৰ হোতা আছিল উপেন্দ্ৰনাথ শৰ্মা : ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

আজি অসমৰ‌ প্ৰথিতযশা সাহিত্যিক, সমালোচক, শিক্ষাবিদ, বুদ্ধিজীৱী, চিন্তাবিদ, কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, “সাহিত্যাচাৰ্য” উপেন্দ্ৰনাথ শৰ্মাৰ পবিত্ৰ স্মৃতিত সম্ভ্ৰান্ত প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ চান্দমাৰীস্থিত “নিৰাময় ভৱন” প্ৰাংগনত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় ।‌ আদিতে ‌পণ্ডিত, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্য সমালোচক উপেন্দ্ৰনাথ শৰ্মাৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই । ইয়াৰ পিছতে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, সাহিত্যিক পেঞ্চনাৰ কমল কলিতাৰ সঞ্চালনাত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। আকাশবাণী আৰু দূৰদৰ্শনৰ বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতিয়ে পৰিবেশন কৰা এটি কামৰূপী লোকগীতেৰে সভাখনি উদ্ধোধন কৰা হয়। প্ৰকাশনৰ সচিব, সাংবাদিক-লেখক দীপক শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দাঙি ধৰি কয়- “অতি ওখ খাপৰ সাহিত্যিক,সমালোচক আছিল উপেন্দ্ৰনাথ শৰ্মা চাৰ। তেওঁৰ জ্ঞানৰ পৰিধি বিশাল আছিল। অসমীয়া আৰু ইংৰাজী দুই ভাষাৰ‌ সাহিত্য পথাৰখনত‌ অবাধ বিচৰণ আছিল ‌ । ন-প্ৰজন্মৰ মাজত তেওঁৰ বিশাল সৃষ্টিৰাজি লৈ যাবলৈ অসমৰ সাহিত্য, শিক্ষা, ছাত্ৰ সংগঠনসমূহ‌ আগবাঢ়ি আহিব লাগে।” সভাৰ অতিথি বিশিষ্ট সাহিত্য সমালোচক বিপুল শৰ্মাই কয়- “উপেন্দ্ৰনাথ শৰ্মা চাৰ এজন বিশাল মহাসাগৰত বিচৰণ কৰা মানুহ। বিশ্বৰ উৎকৃষ্ট কবিতা, সাহিত্যৰাজি নখ দৰ্পণত। আমৃত্যু মনত ৰখা শক্তি আছিল অপৰিসীম। অসমীয়া জাতিৰ হকে অনেক কাম‌ কৰিছে।” বিশিষ্ট সাংবাদিক, সচেতন লেখক মনোজ অগস্তি কয়- “আমৃত্যু অৰ্থাৎ ৯৬ বৰ্ষলৈ চকুত চচমা নোলোৱাকৈ লিখিছিল। পঢ়িছিল। কিতাপ পঢ়া, লিখা -মেলাৰ দৰে অনাবিল আনন্দ এই পৃথিৱীত আৰু একো নাই। মানুহ অহংকাৰী হ’ব‌ নালাগে, এই কথা শিকাই-বুজাই‌ গ’ল উপেন্দ্ৰনাথ শৰ্মা চাৰে।” ‘আমাৰ অসম’ৰ সহকাৰী সম্পাদক মন্টু শইকীয়াই কয়- “কটনৰ‌ দ্ৰোণাচাৰ্য আছিল শৰ্মা চাৰ। তেওঁৰ বিশাল ক্ষেত্ৰখনৰ মাজেদি, তেওঁক বিচাৰি পায়। এডাল সু-উচ বট বৃক্ষ। চাৰৰ অসমীয়া সাহিত্যৰ প্ৰতি থকা অবদান অতুলনীয়।” ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ‌”অস্তৰাগ” আলোচনীৰ সম্পাদক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‌কয়- “নবীন লেখক-লেখিকাক বৰ প্ৰেৰণা যোগাইছিল।‌ নবীন লিখাৰুক উৎসাহিত কৰি আগুৱাই নিয়াৰ হোতা আছিল উপেন্দ্ৰনাথ শৰ্মা। সমাজৰ পৰা আঁতৰাই দিব বিচাৰিছিল অপশক্তিক।” বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা অভিধান প্ৰণেতা দিলস্ লক্ষ্মীন্দ্ৰ সিংহই কয়- “অসমত কবিতাৰ ওপৰত তাত্বিক আৰু মনোগ্ৰাহী সমালোচক শৰ্মা চাৰৰ সমকক্ষ বিচাৰি পোৱা আৰু নাযাব। তেওঁৰ মাৰ্গ দৰ্শন অতুলনীয়।” অনুষ্ঠানত সদৌ অসম কবি-সাহিত্য‌ চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰ, বঙাইগাঁওৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, বিশিষ্টা লেখিকা তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষা গীতা দেৱী, চান্দমাৰী সাহিত্য সভাৰ সম্পাদক দিলীপ বৰুৱা‌, শিখাৰাণী‌ শৰ্মা, কবি পূৰবী বৰুৱা, দেৱযানী চৌধুৰী, গোবিন চন্দ্ৰ ডেকা, কবিতা দেৱী, হৰেণ গগৈ, সুভদ্ৰা বৰ্মন শইকীয়া প্ৰভৃতিয়ে অংশ লৈ উপেন্দ্ৰনাথ শৰ্মাৰ বিশাল ব্যক্তিত্ব, কৰ্মৰাজী, সাহিত্য কৃতিৰ‌ ওপৰত আলোকপাত কৰে।‌ সভাত নিকুঞ্জ‌ মেধি, জীৱনী ডেকা, দেৱযানী ৰাজবংশী কামৰূপী লোকগীত, দেহ-বিচাৰৰগীত, ভূপেন হাজৰিকাৰ গীত পৰিৱেশনৰে সভাৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment