“নতুন প্ৰজন্মই শক্তিশালী কৰিব আঞ্চলিক ৰাজনৈতিক শক্তিক। আঞ্চলিক শক্তিয়ে সমৃদ্ধ কৰিব জাতি-ভেটি, ভাষা-সংস্কৃতি আৰু অৰ্থনীতি”

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত যোগদান কার্যসূচীতেই গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, লখিমপুৰ কমাৰ্চ কলেজৰ একাধিক প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ সমাজে যোগদান কৰে। বীৰ লাচিত সেনা, ভাৰতীয় জনতা যুৱ মৰ্চাকে ধৰি বিভিন্ন সংগঠন ত্যাগ কৰি শতাধিক যুৱ সমাজে আজি জাতীয় যুৱ বাহিনীত যোগদান কৰে। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈ, উপ-সভাপতি ৰাতুল ৰয়, নাৰী বাহিনীৰ সাধাৰণ সম্পাদিকা মমী ৰায় চৌধুৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিটিত যোগদান কৰে ৰাইজৰ দলত।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment