১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ গোপনীয়তা বৃদ্ধি আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ সীমিত কৰাৰ বাবে ইনষ্টাগ্ৰামে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অনলাইনত শিশুৰ সুৰক্ষাৰ ওপৰত যাতে কোনো ধৰণৰ হেঁচা নাথাকে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
ইনষ্টাগ্ৰামৰ মতে আগন্তুক দিনত ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ একাউণ্টসমূহ ডিফল্টভাৱে ব্যক্তিগত কৰা হ’ব। অৰ্থাৎ সেইবোৰ কেৱল একাউণ্টধাৰীয়েহে চাব পাৰিব। মেটাৰ মালিকানাধীন এই এপটোৱে নিশা ১০ বজাৰ পৰা পুৱা ৭ বজালৈ নাবালকসকলক দিয়া জাননী বন্ধ কৰাৰ পৰিকল্পনা কৰিছে।
প্ৰাপ্তবয়স্কৰ বাবে অধিক তত্বাৱধানৰ সঁজুলিও প্ৰৱৰ্তন কৰিব। ইনষ্টাগ্ৰামৰ মুৰব্বী এডাম মছেৰীয়ে কয় যে এই নতুন ছেটিংছৰ জৰিয়তে অভিভাৱকসকলে নিজৰ সন্তানৰ সৈতে থকা সমস্যাসমূহ অনলাইনযোগে নিজে সমাধান কৰিব পাৰিব। এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে নাবালকসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ কোনো কু-প্ৰভাৱ নঘটে। বিভিন্ন ধৰণৰ ছ’চিয়েল মিডিয়াই শিশুৰ মনত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। ফলত ইয়াৰ পৰা হাত সাৰিবলৈ এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ল।