এফালে পথৰ দুৰৱস্থা আনফালে ONGC বাছৰ দৌৰাত্ম

নিশা লাকুৱাৰ ONGC পথত ভয়ংকৰ পথ দুৰ্ঘটনাত।

দুৰ্ঘটনাটোত এগৰাকী মহিলাৰ দুয়োখন ভৰি ভাঙি যোৱাৰ সন্দেহ।

আঘাটপ্ৰাপ্ত মহিলাগৰাকী এখন স্কুটীৰে আহি তথা অৱস্থাত বিপৰীত দিশৰ পৰা অহা ONGC ৰ এখন বাছে তীব্ৰ বেগত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাতো।

সংঘৰ্ষ হোৱা স্কুটি খনত আৰোহী আছিল এজন পুৰুষৰ আৰু এগৰাকী মহিলা।

লাকুৱাৰ শিলিখাগুৰিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাতো।

দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা বাছ খন লাকুৱা আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰি শিমলুগুৰি আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰা বাছ খনৰ নম্বৰ হৈছে AS 20 2131 আনহাতে সংঘৰ্ষ হোৱা স্কুটি খনৰ নম্বৰ হৈছে AS 04 Y 2813 ।

ইতিমধ্যে দুৰ্ঘটনাস্থলীত শিমলুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

আহত মহিলা গৰাকীক জয়সাগৰস্থ শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

পথৰ দুৰৱস্থাৰ পাছত ONGC ৰ একাংশ বাছে গুৰু-গোঁহাই নমানি তীব্ৰ বেগত বাহন সমূহ চলোৱাৰ ফলত বিগত দিন সমূহতো সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনাসমূহ।

পিছে ইমানৰ পাছতো গা লৰিবনে ONGC বাছ চালক সকলৰ ? নে আগৰ দৰে তীব্ৰ বেগত চলি থাকিব ONGC ৰ বাহন তথা বাছসমূহ সেয়া সময়ত হে হ’ব লক্ষ্যণীয়?

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment