বোন্দাত শাৰদীয় দুৰ্গা পূজাৰ লাইখুঁটা স্থাপন

গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ সমীপৰ ৪৮ তম্ বোন্দা আঞ্চলিক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিৰ উদ্যোগত ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ‌বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ ‌কেন্দ্ৰৰ খেলপথাৰত শক্তিৰ অধিষ্ঠাত্ৰী আৰু দুৰ্গতী‌ নাশিনী শ্ৰীশ্ৰী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলাইছে।
‌আজি এই মাংগলিক পূজাৰ লাইখুঁটা স্থাপন কৰা হয়। আদিতে দেৱীৰ পূজা-অৰ্চনা কৰাৰ পিছত নাৰিকল ভাৱে পূজা সমিতিৰ সভাপতি আনন্দ বড়োই। ইয়াৰ পিছত লাইখুটা স্থাপন কৰে সমূহীয়া ভাৱে‌। অনুষ্ঠানত সমিতিৰ মুখ্য উপদেষ্টা দীপক শৰ্মা, কাৰ্যকৰী সভাপতি জীতেন ৰাভা, সাধাৰণ সম্পাদক মিন্টু দাস, উপ-সভাপতি ভৰত‌ বৰ্মন, সৎৰাম কলিতা, অক্ষয় বৈশ্য, বিন্দু টাৰা মেধি, পদ্মা হাজং, লক্ষ্মী মালাকৰ দেৱনাথ, কোষাধ্যক্ষ মনোৰঞ্জন বৰ্মন, সহকাৰী সম্পাদক প্ৰশান্ত গগৈ,মন কলিতা, পংকজ টাৰা, ৰঞ্জিৎ শইকীয়া, থুনুৰাণী মজুমদাৰ, কল্পনা দেৱী বৰা, কাৰ্যালয় সম্পাদক অৰবিন্দ বৰুৱা, গাওঁ প্ৰধান ভানাৰাম লালুং আদি বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰে।‌ উল্লেখযোগ্য যে পূজা সমিতিৰ উদ্যোগত ১২ অক্টোবৰ (মহানৱমী)ত সন্ধিয়া ৬ বজাত সদৌ গুৱাহাটী মহানগৰ জিলা ভিত্তিত প্ৰাইজমাণি আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment