Daily Time Axom

জনসংখ্যা সমাধান ফাউণ্ডেচন (জেএছএফ): এটা ৰাষ্ট্ৰবাদী সংগঠন

0 67


বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশ। দেশত হৈ থকা প্ৰৱল জনবিস্ফোৰণ আৰু তীব্ৰ গতিত বৃদ্ধি পাই অহা জনগাঁঠনিৰ অসন্তুলণতাক (Demographic Imbalance) নিয়ন্ত্ৰণ কৰিবলৈ দেশত আজিকোপতি এখন জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ আৰু বলৱৎ কৰা নহল। ১৯৫২ চনত ৰূপায়ণ কৰা পৰিয়াল পৰিকল্পনা নীতিৰ কোনো আইনৰ ওপৰত প্ৰতিস্থিত নহয়। দেশৰ এটি বৰ্গই সেয়ে পৰিয়াল পৰিকল্পনা নীতি ধৰ্মৰ দোহাই দি গ্ৰহণ নকৰে। এই বিশেষ বৰ্গৰ লোকৰ জনসংখ্যা ১৯৫১ চনৰ ৭% ৰ পৰা বৃদ্ধি হৈ বৰ্তমান ১৮% ৰ অধিক হৈছে। আনহাতে হিন্দু সংস্কৃতিৰ জনসংখ্যা ১৯৫১ চনৰ ৯১% ৰ পৰা কমি আহি আজি ৭৮% হৈছেহি। এয়া তীব্ৰ গতিত ভয়ংকৰ ভাবে সলনি হৈ থকা ভাৰতৰ জনসংখ্যাৰ গাঁঠনি। ধৰ্ম নিৰ্বিশেষে দেশৰ সকলো নাগৰিকৰ ওপৰত সমভাবে বলৱৎ হোৱাকৈ দুটা সন্তান ভিত্তিক পৰিয়ালৰ আধাৰত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰনয়ণ আৰু ৰূপায়ণৰ বাবে জেএছএফে যোৱা ১২ বছৰ ধৰি সমগ্ৰ দেশত জনসচেতনতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ ওপৰত হেচা প্ৰয়োগ কৰি আহিছে।

         দেশৰ জনবিস্ফোৰণ আৰু জনগাঁঠনিৰ বৰ্ধিত এনে অসন্তুলণতাক বাধা দি দেশৰ ঐক্যতা, অখণ্ডতা, শান্তি, প্ৰগতি আৰু আমাৰ উত্তৰ প্ৰজন্মৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই (আৰএছএছ) বিষয়টোৰ ওপৰত কেইবাখনো চিন্তন/মন্থন বৈঠক অনুষ্ঠিত কৰিছে। অৱশেষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্যকাৰিণীৰ জেষ্ঠ সদস্য মাননীয় ড০ ইন্দ্ৰেশ কুমাৰ জীৰ সংৰক্ষতাত জনসংখ্যা সমাধান ফাউণ্ডেচন নামৰ ৰাষ্ট্ৰবাদী সংগঠনটোৰ জন্ম দিয়া হয়। লগতে সংগঠনটো পঞ্জীকৃত কৰি জনসংখ্যা নিয়ন্ত্ৰণ আইন দাবী বিষয়ত পেটেন্ট লোৱা হয়। জেএছএফে যোৱা ১২ বছৰ ধৰি দেশত এখন জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ ৰূপায়ণ আৰু প্ৰনয়ণ আৰু দেশত সমান নাগৰিক সংহিতা (UCC) ধৰ্ম নিৰ্বিশেষে বলৱৎ কৰিবৰ বাবে জনসজাগতা সৃষ্টিমূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। বৰ্তমান দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জেএছএফ সক্ৰিয় হৈ আছে।

                 
  ২০২১ চনত কভিড মহামাৰীৰ বাবে দেশত লোক পিয়ল স্থগিত ৰখা হৈছিল। সু খবৰ যে চলিত মাহৰ ১ তাৰিখৰ পৰা লোকপিয়ল আৰম্ভ হব বুলি কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিষয়াই অৱগত কৰাইছে। কিন্তু ইতিমধ্যেই হৈ থকা প্ৰচণ্ড জনবিস্ফোৰণ আৰু দেশৰ জনগাঁঠনিত তীব্ৰ গতিত হৈ থকা অসন্তুলণতাৰ প্ৰমাণিকতা সহ সমূহ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰি এখন গ্ৰন্থ প্ৰস্তুত কৰাটো অতি গুৰুত্বপুৰ্ণ বিবেচনা কৰি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই উত্তৰ ভাৰতৰ ক্ষেত্ৰীয় সংঘচালক মাননীয় সূৰ্যপ্ৰকাশ জীক জেএছএফৰ লগত সংযুক্ত কৰাই। মাননীয় সূৰ্যপ্ৰকাশ জীৰ অপৰিমেয় কষ্ট আৰু সু-পৰামৰ্শৰে অৱশেষত সংঘই বিচৰা ধৰণেৰে “ভাৰত কী জনসাংখ্যিকী: এক অধ্যয়ন, তথ্যাত্মক সামাজিক বিশ্লেষণ এবং নিষ্কৰ্ষ” নামৰ ৪৮ পৃষ্ঠাৰ সৰ্বতথ্য উপলব্ধ পুস্তক খন জেএছএফৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু যথা বিহিত সংঘ আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত (PMO) জমা দিয়া হয় (গ্ৰন্থ খনিৰ ফটো তলত দিয়া হৈছে)।
                    জেএছএফে সংবিধানৰ অংশ ২১ ৰ অধীনত শাসিত ৰাজ্য সমূহৰ আৰু ষষ্ঠ অনুসূচীৰ অঞ্চলৰ জন জাতীয় লোক সকলক জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ আওতাৰ বাহিৰত ৰাখিছে। কিন্তু জনবিস্ফোৰণ আৰু জনগাঁঠনিৰ দ্ৰুত পৰিবৰ্তন এই জনজাতীয় লোক সকলৰ অস্তিত্বৰ বাবেও ভয়াবহ হৈ উঠিছে। সেয়েহে জনজাতীয় ৰাইজেও দেশৰ ঐক্যতা, অখণ্ডতা, শান্তি, প্ৰগতি আৰু ভৱিষ্যৎ প্ৰজন্মৰ নিৰাপত্তাৰ বাবে দেশত এখন দুটা সন্তান ভিত্তিক জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীৰ লগত সংযুক্ত হোৱাৰ বাবে জেএছএফে আগ্ৰহ কৰে। দেশৰ ঐক্যতা, অখণ্ডতা আৰু পুৰাতন সংস্কৃতি ৰক্ষা কৰিবলৈ সন্মিলিত শক্তিৰ প্ৰয়োজন।
                     জনসংখ্যা নিয়ন্ত্ৰণ বিষয়টো মহিলা সমাজৰ কল্যাণৰ লগত বাৰুকৈয়ে জৰিত। সেয়ে জেএছএফৰ লগত “মহিলা শক্তি” নামেৰে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা স্তৰত এখন  মহিলা সমিতি থাকে। ৰাজ্যিক মহিলা শক্তিৰ অধ্যক্ষা গৰাকীক জেএছএফৰ ৰাষ্ট্ৰীয় মহিলা শক্তিৰ সংযোজিকা আৰু অধ্যক্ষাই নিয়োগ কৰে আৰু জিলাৰ অধ্যক্ষা গৰাকীক ৰাজ্যিক অধ্যক্ষাই নিয়োগ কৰে।
                       প্ৰতিটো স্তৰৰ জেএছএফে সভাত জিলা / বিধান সভা সমষ্টি নাম সহ এখন বেনাৰ, ভাৰত মাতাৰ ফটো আৰু এখন ৰাষ্ট্ৰীয় পতাকা ৰাখে। বন্তি প্ৰজ্জ্বলন আৰু মাতৃ বন্দনাৰে সভা আৰম্ভ কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সভা ভংগ কৰে।

🙏
হৰেন্দ্ৰ বৰা
(8453047476)
ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক আৰু উত্তৰ পুৰ্বাঞ্চলৰ আহবায়ক, জেএছএফ।

Leave A Reply

Your email address will not be published.