‘অস্ত্ৰ এৰক, নহ’লে..’ মাওবাদৰ বিৰুদ্ধে শ্বাহৰ ‘অল আউট ৱাৰ’ ঘোষণা

মাওবাদৰ অন্ত পেলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ ঘোষণা কৰিছে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতক ‘মাওবাদী মুক্ত দেশ’ হিচাপে ঘোষণা কৰা হ’ব। এই লক্ষ্য পূৰণৰ বাবে মাওবাদীক বাৰ্তা দিছে শ্বাহে। তেওঁ কঠোৰ সতৰ্কবাণী কয়, অস্ত্ৰ এৰক আৰু আত্মসমৰ্পণ কৰক, নহ’লে সেনাই অল আউট অভিযান আৰম্ভ কৰিব।

আজি অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰা হিংসা আৰু মাওবাদী মতাদৰ্শ নিৰ্মূল কৰাৰ সিদ্ধান্ত লৈছে। মই মাওবাদীসকলক আহ্বান জনাইছো, উত্তৰ-পূবত সন্ত্ৰাসবাদীসকলে যেনেকৈ আত্মসমৰ্পণ কৰিছে, আপোনালোকেও হিংসা ত্যাগ কৰি আত্মসমৰ্পণ কৰা উচিত। আৰু যদি নকৰে তেন্তে এই আতংকক ধ্বংস কৰিবলৈ অতি সোনকালে এক অল আউট অভিযান আৰম্ভ হ’ব। একে সময়তে অমিত শ্বাহে কয় যে, যোৱা কেইবছৰমানৰ পিছলৈ ঘূৰি চালে দেখা যাব যে সমগ্ৰ দেশতে মাওবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত দেশৰ নিৰাপত্তা বাহিনীয়ে যথেষ্ট সফলতা লাভ কৰিছে। বৰ্তমান এই সমস্যা ছত্তীশগড়ৰ ৪ খন জিলাতে সীমাবদ্ধ। ইয়াৰ পূৰ্বে নেপালৰ পশুপতিনাথৰ পৰা অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিলৈ মাওবাদী কৰিডৰ আছিল। মোডীৰ যুগত ইয়াক ধ্বংস কৰা হৈছিল।

ইয়াৰ উপৰিও মাওবাদীসকলৰ বাবে অধিক সামাজিক প্ৰকল্প দি গৃহমন্ত্ৰীয়ে মাওবাদীসকলক হিংসাত্মক পথ এৰি ঘূৰি আহিবলৈ বহু সামাজিক প্ৰকল্প আৰু চাকৰিৰ বাৰ্তা প্ৰদান কৰে । তেওঁ কয় যে ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ অন্তত আত্মসমৰ্পণ কৰাসকলৰ বাবে চাকৰি, স্বাস্থ্য প্ৰকল্পকে ধৰি আন বহু প্ৰকল্পৰ ব্যৱস্থা কৰা হ’ব।

মন কৰিবলগীয়া যে মাওবাদৰ কেন্দ্ৰ আৰু কেইবাখনো ৰাজ্য চৰকাৰৰ বাবে দীৰ্ঘদিন ধৰি মূৰৰ বিষ হৈ আহিছে। ইয়াৰ পূৰ্বে ইউ পি এ চৰকাৰৰ দিনত কেন্দ্ৰই মাওবাদৰ অন্ত পেলাবলৈ কেইবাটাও অভিযান চলাইছিল। মনমোহন সিঙৰ চৰকাৰেও বায়ুসেনা নমাইছিল। ইয়াৰ পিছত মোডী চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই দাবী কৰিছিল যে দেশ মাওবাদীৰ পৰা মুক্ত, আমি মাওবাদীৰ কৰিড’ৰ ভাঙি দিছো। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ ইমান দিন পিছত অমিত শ্বাহে কিয় অস্ত্ৰ ঘূৰাই দিবলৈ আহ্বান জনাব লগা হৈছে? স্বাভাৱিকতে সেই প্ৰশ্ন উত্থাপন কৰে বিৰোধী শিবিৰে।

AssamAssamese NewsDaily time axomGuwahatiInternationalNew DelhiWorld
Comments (0)
Add Comment