চৰাইদেউ জিলাখনক এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা বিদায়ী আয়ুক্ত নিবেদন দাস পাটোৱাৰীক আয়ুক্ত কাৰ্য্যলয়ত পাঁচ দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে | মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচনৰ সভাপতি তথা চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ সমিতি মডেল মেপ প্ৰস্তুতকৰ্তা ডঃ জাকিৰ আলমে আঁত ধৰা অনুষ্ঠানত ৰয়েল আহোম চচাইটিৰ উপ সভাপতি আমিৰুল হাজৰিকা, সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ৰফিক আহমেদ আৰু ইণ্ডিজিয়াছ ফ’ৰাম অফ নৰ্থ ইষ্টৰ হৈ পৰিস্মিতা ফুকনে সফুৰা, চেলেং চাদৰ গামোচাৰে আয়ুক্ত গৰাকীৰ অৱদানৰ বাবে শলাগ লোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে | উল্লেখ যে চলিত মাহতে ৰাজ্য চৰকাৰে ঘোষণা কৰা শ্ৰেষ্ঠ জিলাৰ খিতাপ চৰাইদেউ জিলাই নিবেদন দাস পাটোৱাৰীৰ কাৰ্য্যকালতে পাবলৈ সক্ষম হৈছিল |