কচুৱাৰ জুৰিৰপাৰত নৈশ কাবাডী খেল প্ৰতিযোগিতা সম্পন্ন

নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত জুৰিৰপাৰ যুৱ মঞ্চৰ উদ্যোগত এককালীন নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। শুকুৰবাৰে নিশা অনুষ্ঠিত হয় উক্ত খেলখন। ১২খন দলে অংশগ্ৰহণ কৰা উক্ত খেলখনত  নগাঁও এল ডি চি কাবাডী দল বনাম ডুন জুৰিৰপাৰ কাবাডী দলৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত কৰা হয়। এই ফাইনেল খেলখনত নগাঁও এল ডি চি কাবাডী দল জয়ী হয়। উক্ত কাবাডী খেল খনত প্ৰথম পুৰস্কাৰ হিচাপে নগদ ১১ হাজাৰ টকা লগতে ট্ৰফি এখন আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ পাঁচ হাজাৰ টকা সহ ট্ৰফি এখন পুৰস্কাৰ হিচাপে আগবঢ়ায়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment