এডিআৰইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতা।
২৯ ছেপ্টেম্বৰত কামৰূপ জিলাতো অনুষ্ঠিত হ’ব এডিআৰইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ।
পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
২৯ ছেপ্টেম্বৰত পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ মুঠ ৫৪ টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু মুঠ ৩৭০৮৩ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব।
অন্যহাতে পিছবেলা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ মুঠ ১৯ টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ১৬১৬৫ গৰাকী পৰীক্ষাৰ্থী উক্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব।
জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ত কালি আবেলি অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰী কৰে।
সংবাদ মেলত জিলা আয়ুক্তগৰাকীয়ে কয় যে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে পৰীক্ষাৰ্থীসকলে যাতে কোনো কাৰণতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে তালাচীকে ধৰি সকলোখিনি সাৱধানতা অৱলম্বন কৰা হৈছে।
পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে সুকীয়া ব্যৱস্থা কৰা হৈছে আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে মহিলা আৰক্ষীকে ধৰি পৰ্যাপ্ত সংখ্যক আশা কৰ্মী, অংগনবাড়ী কৰ্মীক দায়িত্বত নিয়োজিত কৰা হৈছে।
এইবাৰ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে পানীৰ বটল লেবেল গুচাই নিব পাৰিব আৰু পৰীক্ষাৰ শেষত প্ৰশ্নকাকতো ঘৰলৈ লৈ যাব পাৰিব। সংবাদমেলত জিলা অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্ত গোস্বামীৰ লগতে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিষয়া তপন কলিতাও উপস্থিত আছিল।
- পঙ্কজ নাথৰ ৰিপৰ্ট ।