KANCO TEA & INDUSTRIES LIMITEDত শান্তি পূৰ্ণ ভাৱে বনাচ প্ৰদান চাহ শ্ৰমিকক

মেকিপুৰ বাগিচাত ১৫.৫ শতাংশ বনাচ প্ৰদান, বাকী ৫ শতাংশ বনাচ ফাগুৱা উৎসৱত শ্ৰমিকক প্ৰদান কৰা হ’ব

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিকলৈ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে চাহ বাগিচা মালিক কৰ্তৃপক্ষ | এফালে চৰকাৰৰ GSTৰ মাধমাৰ, আনফালে বহুজাতিক কোম্পানী সমূহে চাহ বাগিচাৰ একাধিক ভূমি দখল কৰি অ’এনজিচিৰ দৰে বহুজাতিক প্ৰতিষ্ঠানক গতাই দিয়াৰ ফলত খনন আৰু আহৰণৰ জড়িয়তে ধ্বংসৰ গৰাহত পেলাইছে বাগিচাসমূহক | লগতে কোম্পানীৰ চাহ বাগিচা এৰি একাংশ শ্ৰমিকে ব্যক্তিগত খণ্ডৰ চাহ বাগানত পাত তুলি অহাৰ ফলত কোম্পানী সমূহ ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগা হৈছে | থিক তাৰ মাজতে ২০% বনাচ প্ৰদানৰ দাবীত উত্তাল হৈ আছে ৰাজ্যৰ প্ৰায় সমূহ চাহ বাগিচা | সন্মুখত শাৰদীয় দূৰ্গা পুজা | নাজিৰাত দূৰ্গা পুজাৰ বনাচক লৈ সন্তুষ্ট শ্ৰমিক সকল, KANCO TEA & INDUSTRIES LIMITEDত শান্তি পূৰ্ণ ভাৱে বনাচ প্ৰদান | চাহ শ্ৰমিকক পুৰ্বৰ ২০% বনাচ কৰ্তন কৰি ১৫.৫% কৰাৰ বিপৰীতে বাকী থকা ৫% বনাচ ফাগুৱা উৎসৱত প্ৰদান কৰা হ’ব শ্ৰমিক সকলক | মেকিপুৰ বাগিচাত আজি ১৫.৫ শতাংশ বনাচ প্ৰদান কৰা হৈছে | আবেলি ৩:৩০ৰ পৰা সন্ধিয়া এই পৰ্যন্ত শান্তি পূৰ্ণ ভাৱে বনাচ প্ৰদান কৰি থকা হৈছে | একাধিক পুৰুষৰ লগতে আই মাতৃ সকলে এই বনাচ গ্ৰহণ কৰা দেখা পোৱা গৈছে | শিল্পী, সমাজকৰ্মী, অসম চাহ মজদুৰ সংঘ, নাজিৰা শাখাৰ প্ৰাক্তন সম্পাদক দেবেন ৰবিদাস, সমাজকৰ্মী মহেশ ভূমিজ, সমাজকৰ্মী প্ৰীতম ভূমিজৰ লগতে ভালে কেইগৰাকী মহিলাই বাগিচা মালিক কৰ্তৃপক্ষ, চাহ বাগিচা পৰিচালক সকল, বাগিচা খনৰ বিভিন্ন শাখাত কৰ্মৰত বিষয়া-কৰ্মচাৰী সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে | আনহাতে চাহ জনগোষ্ঠীয় দল সংগঠন সমূহৰ লগতে শ্ৰমিকৰ হৈ তথা প্ৰাপ্ত বনাচকলৈ ঔম প্ৰকাশ চিকে সংবাদ-মাধ্যমৰ আগত এইদৰে মন্তব্য ৰাখে |

📠শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ প্ৰতিবেদন |

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment