Daily Time Axom

নলবাৰী জিলাৰ ১ নম্বৰ লাৰকুছিৰ এজন যুৱকক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ

0 76

নলবাৰী জিলাৰ ১ নম্বৰ লাৰকুছিৰ সহজ- সৰল যুৱক নাজমূল হুছেইনক নিশা প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ।
৬/৭ জনীয়া লোকে নিশা প্ৰায় ১ বজাত মুখত কাপোৰ বান্ধি আহি, মুখত সোপা দি ডেগাৰেৰে আক্ৰমণ কৰি কৰি লুটি নিয়ে ১ লাখ টকা। বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ১ নম্বৰ লাৰকুছি নিবাসী ছাদেক আলী আৰু শুকিমন নেছাৰ সৰু পুত্ৰ তথা ভুক্তভোগী নাজমুল হুছেইনৰ লগত সংঘটিত হৈছে এই বৰ্বৰ ঘটনাৰ। সম্পূৰ্ণ উলংগ অৱস্থাত মৃত বুলি এৰি যায় যুৱকজনক। ভুক্তভোগী যুৱকজনৰ ভাতৃ নাছিৰ উদ্দীনৰ লগতে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি পত্নীৰ পৰিয়ালৰ লোকে সংঘটিত কৰিব পাৰে এই ঘটনা। ভুক্তভোগী যুৱকজনৰ ভাতৃয়ে জনোৱা অনুসৰি পত্নীৰ পৰিয়ালৰ লোকে দি পত্নীৰ লগত সম্পৰ্ক ভাল নাছিল যুৱকজনৰ লগতে পৰিয়ালৰ, পত্নীৰ পৰিয়ালৰ লোকৰ পৰা ভাবুকি অহাৰ অভিযোগ উত্থাপিত হৈছে। নিশাই দৌলাশাল আৰক্ষী ঘটনাস্থলীত উপস্হিত হৈ যুৱকজনক সংকটজনক অৱস্থাত মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে! স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰিছে।

Leave A Reply

Your email address will not be published.