নাৰী উন্নতি, নাজিৰাৰ উদ্যোগত গেলেকীত বিনামূলীয়া মহিলা স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগৰ সজাগতা শিবিৰ

ONGC (অসম সম্পদ)ৰ সামাজিক দয়বদ্ধতা CSR বিভাগৰ সহযোগত এই সজাগতা শিবিৰ অনুস্থিত কৰা হয়

নাজিৰাৰ এটি আগশাৰীৰ সংস্থা হৈছে নাৰী উন্নতি | বিগত সময়ত বিভিন্ন সামাজিক কাম কৰি সামাজিক দায়বদ্ধতা অটুট ৰাখি আজি নাজিৰাৰ গেলেকীত এক বিনামূলীয়া মহিলা স্বাস্থ্য পৰীক্ষা আৰু মহিলাৰ কৰ্কট ৰোগৰ বিষয়ত এক সজাগতা শিবিৰ অনুস্থিত কৰে | এই অনুষ্ঠানত ONGCৰ CSRৰ মুখ্য প্ৰবন্ধককে ধৰি চুকাফা মেডিকেলৰ বহু কেইজন চিকিৎসক, কৰ্মচাৰীৰ লগতে স্থানীয় বহু কেইগৰাকী গণ্যমান্য লোক উপস্থিত থাকে | এই শিবিৰত প্ৰায় তিনি শ মহিলাই বিনামূলীয়া ভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ সুযোগ লাভ কৰে |

📠শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ প্ৰতিবেদন |

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment