Daily Time Axom

ভাৰতীয় টকাত গান্ধীৰ ফটো নাছিল,কোন আছিল ইতিহাসে কি কয়

0 83

প্ৰতিখন দেশৰ মুদ্ৰাৰ কিছুমান বৈশিষ্ট্য আছে। সেই দেশৰ সংস্কৃতি, আনকি দেশৰ পিতৃ হিচাপে পৰিচিত নেতাসকলৰ প্ৰতিচ্ছবিও বহু দেশৰ মুদ্ৰাৰ ওপৰত দেখা যায়। আমেৰিকাৰ দৰেই ডলাৰত জৰ্জ ৱাশ্বিংটনৰ ছবি আছে। মহম্মদ আলী জিন্নাৰ ইমেজ পাকিস্তানী মুদ্ৰাৰ ওপৰত। ভাৰতৰ টকাতো আছে মহাত্মা গান্ধীৰ ছবি।

কিন্তু জনা যায় যে স্বাধীন ভাৰতৰ টকাত গান্ধীৰ ছবি প্ৰথম পছন্দ নাছিল।


ৰিজাৰ্ভ বেংকৰ ইতিহাসত কোৱা হৈছে যে ১৯৪৭ চনৰ ১৪ আগষ্টত মাজনিশা ভাৰত স্বাধীন হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ইয়াক আনুষ্ঠানিকভাৱে গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। তাৰ পিছত নিজৰ নোট চিষ্টেমৰ প্ৰয়োজন হয়। ১৯৪৯ চনত ভাৰত চৰকাৰে প্ৰথমখন এক টকীয়া নোট ছপা কৰে। তাত দীঘলীয়া আলোচনাৰ অন্তত এক টকীয়া নোটত সাৰনাথৰ সিংহৰ প্ৰতীক ছপা কৰা হ’ব বুলি সৰ্বসন্মতিক্ৰমে একমত হৈছিল। তাৰ পিছৰে পৰা বহু বছৰ ধৰি বেংক নোটত স্বাধীন ভাৰতৰ ঐতিহ্য, সংস্কৃতি আৰু প্ৰগতিৰ প্ৰতীক হৈ আহিছে। ১৯৫০ চনৰ পৰা ১৯৬০ চনলৈকে ভাৰতীয় মুদ্ৰাৰ নোটত বাঘ আৰু হৰিণৰ ছবি ছপা হৈ আহিছে। আকৌ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগৰ প্ৰগতিৰ প্ৰতীকবোৰো ছপা হয়।

ইফালে ১৯৬৯ চনত গান্ধীৰ ১০০ সংখ্যক জন্ম জয়ন্তী আছিল। গতিকে সেই বিশেষ বছৰটোত ছপা হোৱা টকাবোৰত বিশেষ ভংগীমাত বহি থকা মহাত্মা গান্ধীৰ ছবি আছিল। পিছফালে আছিল সেৱাগ্ৰাম আশ্ৰম। কিন্তু তথাপিও বহু টকা গান্ধী অবিহনেই ছপা হৈছিল। ইয়াৰ পিছতে ৰাজীৱ গান্ধী চৰকাৰৰ দিনত ১৯৮৭ চনত চৰকাৰে নতুন ৫০০ টকীয়া নোট প্ৰৱৰ্তন কৰে। য’ত প্ৰথমবাৰৰ বাবে গান্ধীৰ হাঁহিমুখীয়া মুখখন ছপা হৈছিল। ইয়াৰ পিছত আৰ বি আইয়ে ১৯৯০ চনৰ পৰা ১৯৯৬ চনলৈকে মহাত্মা গান্ধীৰ ছবিৰে ধাৰাবাহিক টকা আৰম্ভ কৰে। তেতিয়াৰ পৰা মহাত্মা গান্ধীয়ে ভাৰতীয় টকাত স্থান পায়।

Leave A Reply

Your email address will not be published.