মানুহৰ মগজু এনে এক বস্তু যাৰ সৈতে বহুতে নিজৰ সমীক্ষাৰ মিল ৰাখিব নোৱাৰে। কিন্তু শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে মাজনিশা ১২ বজাৰ পিছত মগজুৱে সজাগ হৈ থাকিব নিবিচাৰে। ৰাতি গভীৰ হৈ অহাৰ লগে লগে বিভিন্ন কামৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচাৰে। আন্ধাৰ ৰাতি মগজুৱে বিভিন্ন নেতিবাচক চিন্তাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে।
সেই সময়ত যদি আপুনি সাৰ পাই থাকে তেন্তে আপুনি লক্ষ্য কৰিব যে আপুনি হয়তো চিলিঙলৈ চাই আছে, নিজকে অসহায় অনুভৱ কৰিছে, চিগাৰেট এটা হাতত লৈ নিমাত হৈ আছে। ৰাতি নেতিবাচক চিন্তাৰ সৃষ্টি হোৱা বহু দৃষ্টান্ত আছে। তাত ইতিবাচক ধাৰণাতকৈ নেতিবাচক ধাৰণাহে বেছিকৈ মনলৈ আহে।
বিজ্ঞানীসকলৰ অধ্যয়নৰ পৰা দেখা গৈছে যে মাজনিশাৰ পিছত মানুহৰ শৰীৰে সময়ৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰে। তাত যদি কোনোবাই গোটেই দিনটো কামত থাকে তেন্তে তেওঁৰ মন আৰু মগজুৱে নিজৰ মাজতে জিৰণি বিচাৰে। সেই জিৰণি নাপালে সকলো ধৰণৰ বেয়া ধাৰণা আহিবলৈ আৰম্ভ কৰে। মানুহৰ স্বভাৱ অনুসৰি দিনত যেনেকৈ ইতিবাচক চিন্তাই আহে, নিশা আগবাঢ়ি যোৱাৰ লগে লগে নেতিবাচক চিন্তাই ঠাই লয়।
এই নেতিবাচক চিন্তাবোৰে কেতিয়াবা ইমানেই আৱৰি ধৰে যে শেষত মানুহে নিজকে শেষ কৰি পেলায়।