দিনটোৰ বেছিভাগ সময় অফিচতে কটায়। বহুজাতিক কোম্পানীৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে ছবিখন সকলোতে একেই। আজৰি সময়ত আড্ডা মাৰি, ঘৰতো বহি সময় পাৰ হৈ যায়। আৰু এই সকলো সময়তে বহি থকাৰ বাবেই বিভিন্ন ৰোগৰ আশংকা বাঢ়িছে। বিভিন্ন দীৰ্ঘদিনীয়া ৰোগে শৰীৰত বাহ সাজিছে। গতিকে বিপদ অহাৰ আগতে সচেতন হোৱাটো জৰুৰী।
শেহতীয়া এক অধ্যয়ন অনুসৰি দিনটোত ৬ ঘণ্টা বহি থকাৰ অভ্যাসে মানুহৰ কৰ্মক্ষমতা আৰু সৃষ্টিশীল শক্তি ক্ৰমান্বয়ে হ্ৰাস কৰে। অকাল বয়স বৃদ্ধি, হৃদযন্ত্ৰ আৰু বিপাকীয় ৰোগৰ আশংকা, পাচনতন্ত্ৰৰ সমস্যা, কলেষ্টেৰল বৃদ্ধি। আনকি অবিৰতভাৱে বহি থাকিলেও কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে বহি থাকিলে হাওঁফাওঁ, মূত্ৰাশয় আৰু মলদ্বাৰৰ কৰ্কট ৰোগ হ’ব পাৰে।
প্ৰতিদিনে কমেও ৩০ মিনিট খোজ কাঢ়িলে শৰীৰৰ বাবে ভাল। কিন্তু অধ্যয়নত দেখা গৈছে যে ব্যায়ামে দীৰ্ঘদিন বহি থকাৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰিব পাৰে। কিন্তু শাৰীৰিক কাৰ্য্যকলাপেও দীৰ্ঘদিন বহি থকাৰ ফলত হোৱা ক্ষতি সম্পূৰ্ণৰূপে ওলোটা কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত ৩০ মিনিট দৌৰা বা চাইকেল চলাই স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। কিন্তু বহু সময় বহি থকাৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পোৱাটো সম্ভৱ নহয়।
যদি অবিৰতভাৱে কাম কৰাৰ অভ্যাস আছে তেন্তে প্ৰতি ঘণ্টাত এবাৰ হ’লেও উঠি খোজ কাঢ়িবলৈ চেষ্টা কৰক। অন্ততঃ একমিনিটৰ বাবে। বেগেৰে খোজ কঢ়াৰ প্ৰয়োজন নাই।আচলতে টানকৈ বহিলে শৰীৰৰ পেশীবোৰ টান হৈ পৰে। সেই অস্বস্তিকৰ অনুভৱটো লৰচৰ কৰি আঁতৰাই পেলোৱাটো প্ৰয়োজনীয়। কিন্তু আধা ঘণ্টাৰ মূৰে মূৰে পাঁচ মিনিটৰ বিৰতি লোৱাটোৱেই উত্তম।