Daily Time Axom

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ জয়লাভ

0 56

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হ’বলৈ গৈ আছে ট্ৰাম্প। কমলা হেৰিছেও ইতিহাস ৰচনা কৰাৰ সুযোগ পাইছিল। কিন্তু ২৭০ৰ যাদুকৰী সংখ্যা অতিক্ৰম কৰিলে ট্ৰাম্পে। তেওঁ লাভ কৰে ২৭৭টা ভোট। আনহাতে কমলা হেৰিছে লাভ কৰে ২২৬টা ভোট। ৭টা ছুইঙৰ ভিতৰত ৬টা ছুইঙত জয়লাভ কৰে ট্ৰাম্পে। ৫০খন ৰাজ্যৰ অধিকাংশ ৰাজ্য ট্ৰাম্পৰ ৰিপাব্লিকান দলৰ হাতত আছে।

মন্টানা, আইডাহ’, ইউটা, ৱাইমিং, উত্তৰ আৰু দক্ষিণ ডাকোটা, নেব্ৰাস্কা, কানছাছ, ওকলাহোমা, টেক্সাছ, মিছৌৰী, আইঅ’ৱা, আৰ্কান্ সাছ, লুইজিয়ানা, মিচিচিপি, টেনেচি, কেন্টাকি, ইণ্ডিয়ানা, অহাইঅ’, পশ্চিম ভাৰ্জিনিয়া, উত্তৰ কেৰ’লিনা, দক্ষিণ কেৰ’লিনা , আলাবামা, জৰ্জিয়া। ১৯৯৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰাই জৰ্জিয়াত ৰিপাব্লিকানসকলে জয়লাভ কৰি আহিছে। ২০২০ চনত জো বাইডেনে সংকীৰ্ণ ব্যৱধানত জয়লাভ কৰিছিল। ট্ৰাম্পে পুনৰ জৰ্জিয়া ল’লে। আৰু সেই পৰিস্থিতিত ট্ৰাম্পৰ হাতত আছে ২৪৭খন ইলেক্টৰেল কলেজ। সকলোৰে সমৰ্থনত ড’নাল্ড ট্ৰাম্প পুনৰ এবাৰ ক্ষমতালৈ আহিবলৈ ওলাইছে।

Leave A Reply

Your email address will not be published.